ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ পৰিয়ালক প্ৰতাৰণা আজমলৰ - Batadrava incident

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 3:53 PM IST

Updated : May 26, 2024, 5:36 PM IST

Aminul Islam on Batadrava violence : বটদ্ৰৱা আৰক্ষীৰ জিম্মাত এগৰাকী মৎস্য ব্যৱসায়ী ছফিকুল ইছলামৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই জ্বলিছিল আৰক্ষী থানা । আৰক্ষী থানা জ্বলাই দিয়াৰ অভিযোগত উচ্ছেদ কৰা হৈছিল ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহ । থানা জ্বলোৱা অভিযোগত গ্ৰেপ্তাৰ হৈছিল ছফিকুলৰ পত্নীও । অসহায় হৈ পৰিছিল ছফিকুলৰ সন্তান । সেই সময়ত ছফিকুলৰ পৰিয়ালৰ প্ৰতি সকলো আৱেগ অনুভূতি দেখুৱাইছিল এ আই ইউ ডি এফে । কিন্তু কাৰ্যত ছফিকুলৰ পৰিয়ালকো আজমলে কৰিলে প্ৰতাৰণা ! এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন...

Aminul Islam on Batadrava violence
বটদ্ৰৱা আৰক্ষী (Etv Bharat)

নগাঁও, 26 মে’ : ছফিকুল ইছলামৰ পৰিয়ালৰ প্ৰতি যেন আৱেগ, অনুভূতি, দুখ, দয়া সকলো এ আই ইউ ডি এফ দলৰ । এয়া 2022 চনৰ মে’ মাহত দিয়া এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে দিছিল এটা মন্তব্য । ছফিকুল ইছলামৰ পৰিয়ালক সহায় কৰিম বুলি কৰিছিল এই মন্তব্য ৷

বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুলৰ পৰিয়ালক প্ৰতাৰণা আজমলৰ (ETV Bhrat)

হয়, ঠিকেই শুনিছে ৷ এখন গাঁৱৰ এটা বিশেষ পৰিয়ালত উপস্থিত হৈ শ শ লোকৰ সন্মুখত এয়া ঘোষণা এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামৰ । তাৰিখ আছিল 2022 চনৰ 23 মে’ । আমি ক’ব বিচাৰিছো আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা নগাঁৱৰ বটদ্ৰৱাৰ শালনাবড়িৰ মৎস্য ব্যৱসায়ী ছফিকুল ইছলামৰ পৰিয়াল আৰু এ আই ইউ ডি এফৰ এটা প্ৰতিশ্ৰুতিৰ কথা ।

লগতে পঢ়ক : অসমক উত্তপ্ত কৰিবলৈ বটদ্ৰৱাত চলিছে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ : আমিনুল ইছলাম

2022 চনৰ 21 মে’ৰ দিনাই সংঘটিত হৈছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ৰাজ্য কঁপোৱা বটদ্ৰৱাকাণ্ড । বটদ্ৰৱাৰ শানাবড়িৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মৎস্য ব্যৱসায়ী ছফিকুল ইছলামৰ মৃত্যু হৈছিল বটদ্ৰৱা আৰক্ষীৰ জিম্মাত । ইয়াকেই লৈ জ্বলি ছাইত পৰিণত হৈছিল বটদ্ৰৱা আৰক্ষী থানা ।

নিশাটোৰ ভিতৰতেই আৰক্ষী থানা জ্বলোৱা অভিযোগত সেই সময়ৰ নগাঁও আৰক্ষীয়ে বুলড’জাৰ লগাই উচ্ছেদ কৰিছিল ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ কেইবাটাও বাসগৃহ । গ্ৰেপ্তাৰ কৰা হৈছিল ছফিকুল ইছলামৰ পত্নী ৰাশিদা খাতুনক । সেই সময়তেই এক কঠিন বাস্তৱৰ মুখামুখি হ’বলগীয়া হৈছিল ছফিকুল ইছলামৰ দুই সন্তান ।

এফালে আৰক্ষীৰ জিম্মাত পিতৃৰ বিয়োগ, আনফালে আৰক্ষী থানা জ্বলোৱা অভিযোগত জেল হাজোতত মাতৃ । তেনে সময়তে এটা দিন পাচতেই অৰ্থাৎ 23 মে’ত বটদ্ৰৱাৰ শালনাবড়িত উপস্থিত হৈ ছফিকুল ইছলামৰ পৰিয়ালৰ দুখ যন্ত্ৰনাত যেন ছাটি ফুটি গৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ এইগৰাকী বিধায়ক আমিনুল ইছলাম । যেন একোৱেই সহ্য কৰিব পৰা নাই আমিনুল ইছলামে ।

লগতে পঢ়ক : আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

সেই স্থানৰ পৰা দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতেও যোগাযোগ কৰি আমিনুল ইছলামে ঘোষণাই কৰি দিলে ছফিকুলৰ পৰিয়ালটো অন্তত জীয়াই থাকিবলৈ আজমলৰ তৰফৰ পৰা এক লাখ টকা দিয়াৰ কথা ।

অসহায় পৰিয়ালটোৰ প্ৰতি সহানুভূতি দেখুৱাই ঘোষণা ঠিকেই কৰিলে ৷ কিন্তু বাস্তৱত এয়া আছিল এক জীয়া ফাঁকি ৷ এতিয়া আপুনি হয়তো ভাবিছে এনে এক অসহায় পৰিয়ালৰ প্ৰতি আজমলৰ ফাঁকি সম্ভৱ নে ?

কিন্তু আপুনি জানি আচৰিত হ’ব, আজমলে ঘোষণা কৰা এক লাখ টকা লাভ কৰিবলৈ বহু সভাই সমিতিয়ে দৌৰি ফুৰিছিল ছফিকুলৰ পত্নী ৰাশিদাই । এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীৰ পিছে পিছেও ঘূৰি ফুৰিছিল । কিন্তু নাই যি ঘোষণা কৰিলে ঘোষণাতেই থাকিল আজমলৰ টকাৰে সকাহ পোৱাৰ সৌভাগ্য ছফিকুলৰ পৰিয়ালৰ নঘটিল ।

এটা অসহায় পৰিয়ালক এক লাখ টকাৰ সাহাৰ্য ঘোষণা কৰি ৱাহ ৱাহ লোৱা এজমল নেতৃত্বাধীন এ আই ইউ ডি এফক এতিয়া ধিক্কাৰ দিছে বিভিন্নজনে ৷

লগতে পঢ়ক : Mob torches Police Station: বটদ্ৰৱাত জ্বলিল আৰক্ষীৰ বৃহৎ অস্ত্ৰভাণ্ডাৰ

Last Updated : May 26, 2024, 5:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.