ETV Bharat / state

Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

author img

By

Published : May 21, 2022, 6:31 PM IST

Updated : May 21, 2022, 7:19 PM IST

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত শনিবাৰে সংঘটিত হয় লংকাকাণ্ড । হাঁহ আৰু দহ হেজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে প্ৰহাৰত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ উত্তেজিত লোকে আৰক্ষীৰ লোককো আক্ৰমণ কৰে । একাংশ লোকৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হয় (Youth dead in police custody at Batadrava)।

Tense Situation at Batadroba
উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

নগাঁও, 21 মে’: এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত শনিবাৰে সংঘটিত হয় লংকাকাণ্ড । এটা হাঁহ আৰু দহ হেজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ফলত ধিং থানাৰ অন্তৰ্গত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ । থানাৰ চৌহদৰ ভিতৰত মৰিয়াই মৰিয়াই হত্যাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে (Youth dead in police custody at Batadrava)।

উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

এই অভিযোগতে শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি আৰক্ষীৰ সৈতে হতাহতিৰ লগতে থানা ভাঙি লণ্ড ভণ্ড কৰি থানাৰ বেৰিকেট লৈ পথ বন্ধ কৰে যুৱকজনৰ পৰিয়াল, আত্মীয়-স্বজনে (Mob burns down Batadrava Police Station in Assam) । লগতে জ্বলাই দিয়ে বটদ্ৰৱা আৰক্ষী থানা (Public sets fire in police station)।‌ অভিযোগ অনুসৰি ধিঙৰ ছালনাবড়িৰ ছফিকুল ইছলামে শুকুৰবাৰে নিশা ১০ বজাত মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ ৰাওনা হওতে বটদ্ৰৱা আৰক্ষীয়ে তালাচী চলাই বটদ্ৰৱা থানালৈ লৈ যায় । পুৱা আৰক্ষীয়ে পৰিয়ালৰ পৰা দহ হেজাৰ টকা আৰু এটা হাঁহ বিচাৰে বুলিও উত্থাপিত হৈছে অভিযোগ ।

ছফিকুলৰ পত্নীয়ে টকা দিয়াৰ বিপৰীতে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতেই যুৱকজনক প্ৰহাৰ কৰা বুলিও উত্থাপন হৈছে অভিযোগ । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে টকা লৈ থানালৈ আহে যদিও ছফিকুল ইছলামক বিচৰাত আৰক্ষীয়ে ইতিমধ্যে চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি জনায় ৷ ইয়াৰ পাছতে পৰিয়ালৰ লোকে নগাঁৱৰ মৰণোত্তৰ গৃহতহে(Post mortem house) ছফিকুলৰ মৃতদেহ দেখা পায় বুলি জানিবলৈ দিছে । এই ঘটনাৰ পাছতেই মৃতদেহ লৈ বটদ্ৰৱা আৰক্ষী থানাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে পৰিয়ালৰ লোকে ।

উত্তেজিত লোকে আৰক্ষীৰ লোককো আক্ৰমণ কৰে । একাংশ লোকৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হয় । ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও পৰিস্থিতি উত্তপ্ত হৈ আছে ।

লগতে পঢ়ক: ভূমিস্খলনৰ আশংকাই নিন্দ্ৰা হৰণ কৰিছে গুৱাহাটীৰ পাহাৰবাসীৰ

Last Updated :May 21, 2022, 7:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.