বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক চাৰি মাহে গ্ৰেপ্তাৰত ব্যৰ্থ নগাঁও আৰক্ষী

author img

By

Published : Sep 21, 2022, 7:44 PM IST

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক চাৰি মাহে গ্ৰেপ্তাৰত ব্যৰ্থ নগাঁও আৰক্ষী

নগাঁও আৰক্ষীৰ জালত বটদ্ৰৱা কাণ্ডৰ(Batadrava police station attack) অন্যতম অভিযুক্ত ছফিকুল ইছলাম । আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনক গ্ৰেপ্তাৰত আজিও ব্যৰ্থ নগাঁও আৰক্ষী । ৫০ শতাংশ অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই নগাঁও আৰক্ষীয়ে ।

নগাঁও, 21 ছেপ্টেম্বৰ: চলিত বৰ্ষৰ ২১ মে'ত নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড(Batadrava police station attack)৷ বটদ্ৰৱাৰ শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া হ’ল ৷ থানা আক্ৰমণকাৰীসকলৰ ভিতৰৰ ছফিকুল ইছলামে প্ৰথমে বাঁহেৰে আক্ৰমণ কৰাৰ পাছতেই থানাখন জ্বলাই দিবলৈ যোগান ধৰিছিল পেট্ৰ’ল ।

ঘটনা সংঘটিত কৰাৰ পাছৰ পৰাই কেৰেলাত আত্মগোপন কৰি শেহতীয়াকৈ মৈৰাবাৰীত বনুৱা হিচাপে নিয়োজিত হৈছিল বটদ্ৰৱা কাণ্ডৰ অন্যতম অভিযুক্ত ছফিকুল ইছলাম (Accused of Batadrava police station attack)। অৱশেষত মৈৰাবাৰী আৰক্ষীৰ(Moirabari Police Station) সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছফিকুল ইছলামক । মঙলবাৰে নিশা মৈৰাবাৰীৰ পৰা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলাম নামৰ অভিযুক্তজনক ।

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক চাৰি মাহে গ্ৰেপ্তাৰত ব্যৰ্থ নগাঁও আৰক্ষী

আনহাতে উক্ত আক্ৰমণৰ সময়ত এগৰাকী কিশোৰীয়ে পেট্ৰ’ল ঢালি দিয়াৰ পিছতেই অগ্নিসংযোগ কৰিছিল বটদ্ৰৱাৰ মজিদা খাতুন নামৰ মহিলাগৰাকী । মহিলাগৰাকীয়ে অগ্নিসংযোগ কৰাৰ পাছতেই জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ গৈছিল বটদ্ৰৱা আৰক্ষী থানা । বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী ।

কেৱল মজিদা খাতুনেই নহয়, আৰক্ষী থানাত আক্ৰমণ আৰু জ্বলাই দিয়াৰ দৰে ভয়ংকৰ ঘটনাৰ ৫০ শতাংশ অভিযুক্তকে আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে নগাঁও আৰক্ষীয়ে । ইতিমধ্যেই দেশ কঁপোৱা বটদ্ৰৱা কাণ্ডত মুঠ ২৪ জনকৈ লোকক অভিযুক্ত কৰি নগাঁও আৰক্ষীয়ে দাখিল দাখিল কৰিছে অভিযোগনামা । কিন্তু ২৪ জন অভিযুক্তৰ মাত্ৰ ১২ জন অভিযুক্তকহে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন ১২ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই নগাঁও আৰক্ষীয়ে ।

আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা মূল অভিযুক্তক বিগত চাৰি মাহে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱেই উদঙাইছে নগাঁও আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা ।

লগতে পঢ়ক: মদৰ নিচাত মাতাল আৰক্ষী বিষয়াই প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.