মদৰ নিচাত মাতাল আৰক্ষী বিষয়াই প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানক

author img

By

Published : Sep 21, 2022, 6:56 PM IST

মদৰ নিচাত মাতাল আৰক্ষী বিষয়াই প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানক

গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈৰ চৰম উদ্ভণ্ডালি ৷ সুৰাৰ ৰাগিত মাতাল হৈ থানাৰে গাড়ী চালক তথা গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰিলে গুৰুলা-গুৰুলকৈ ৷ গুলীয়াই হত্যা কৰাৰো ভাবুকি দিয়াৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Allegation against Ghiladhari OC) ৷

তিতাবৰ, 21 ছেপ্টেম্বৰ: এইবাৰ আৰক্ষীৰ বিৰুদ্ধেই আৰক্ষীৰ গুণ্ডাগিৰি । গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাৰ(Ghiladhari police station) ভাৰপ্ৰাপ্ত বিষয়াই প্ৰহাৰ কৰিলে আৰক্ষীৰ গাড়ী চালকক । ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে থানাখনৰে গৃহৰক্ষী বিভাগৰ গাড়ীচালকজনক (Allegation against Ghiladhari OC)।

আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হ’ল পাপু সোণোৱাল নামৰ গাড়ীচালকজন । মঙলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হৈ এচ এচ বি জোৱানৰ সৈতে অকাৰণতে কাজিয়াত লিপ্ত হয় ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে (OC Rajeswar Gogoi)।

মদৰ নিচাত মাতাল আৰক্ষী বিষয়াই প্ৰহাৰ কৰিলে গৃহৰক্ষী জোৱানক

কাজিয়া ভয়ংকৰ হোৱাৰ উমান পাই আৰক্ষী থানাৰ চালকজনে ভাৰপ্ৰাপ্ত বিষয়াজনক বুজনি দিয়াৰ চেষ্টা চলায় । কিন্তু সেই কথাতে খৰ্গহস্ত হৈ সুৰাপায়ী অ' চি ৰাজেশ্বৰ গগৈয়ে বেয়াকৈ মাৰধৰ কৰে চালক পাপু সোণোৱালক । কেৱল মাৰপিটতে ক্ষান্ত নাথাকি পাছত আৰক্ষী থানালৈ আনি চালকজনক চোঁচৰাই লকআপত ভৰাই মূৰত পিস্তল লগাই প্ৰাণে মৰাৰ ভাবুকি দিয়ে ।

সুৰাপায়ী অ'চিৰ প্ৰহাৰত হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাপু সোণোৱাল বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷ ইফালে মাৰপিটত লিপ্ত হোৱাৰ সময়তে সুৰাসক্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেমপ্লেট আৰু আৰক্ষীৰ বেজ পৰি থাকিল আঠখেলীয়া নামঘৰৰ চৌহদত । ইতিমধ্যে পীড়িত চালকজনে গৃহৰক্ষী বিভাগৰ জড়িয়তে গোলাঘাটৰ আৰক্ষী অধীক্ষকক ঘটনাটো অৱগত কৰাত সুৰাপায়ী আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক তলব কৰিছে আৰক্ষী অধীক্ষকে ।

উল্লেখযোগ্য যে, ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে প্ৰায়েই সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । মঙলবাৰে নিশা সংঘটিত এনে অপ্ৰীতিকৰ ঘটনাই এতিয়া লজ্জানত কৰিছে আৰক্ষী বিভাগক ।

লগতে পঢ়ক: ভিক্টৰ দাসৰ নিলম্বনক আখেজমূলক আখ্যা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.