ETV Bharat / state

অসমক উত্তপ্ত কৰিবলৈ বটদ্ৰৱাত চলিছে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ : আমিনুল ইছলাম

author img

By

Published : May 22, 2022, 9:47 PM IST

বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ (Aminul Islam on Batadrava violence)। ২০২৪ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজনৈতিক মুনাফা লাভৰ চেষ্টাৰে বটদ্ৰৱা কাণ্ডত চৰকাৰে অৰিহণা যোগোৱাৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ ৷ অসমক উত্তপ্ত কৰিবলৈ চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ।

Aminul Islam on Batadrava violence
অসমক উত্তপ্ত কৰিবলৈ বটদ্ৰৱাত চলিছে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ: আমিনুল ইছলাম

গুৱাহাটী, ২২ মে’: বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ সন্দৰ্ভত পীযুষ হাজৰিকাৰ মন্তব্যক কটাক্ষ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ । ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ । ঘটনাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল ।

সমগ্ৰ ঘটনাৰ নিৰপক্ষ তদন্ত হ’ব লাগে বুলি মন্তব্য কৰি আমিনুল ইছলামে কয় যে, গ্ৰেপ্তাৰ হোৱা লোকৰ ঘৰত উচ্ছেদ চলোৱাটো ভাল হোৱা নাই (Aminul Islam on Batadrava violence)। উচ্ছেদ চলাই চৰকাৰে অতিৰঞ্জিত কৰি তুলিছে । অসমক উত্তপ্ত কৰিবলৈ চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে । আনহাতে, তেওঁ কয় যে স্বাধীনতাৰ পাছত সেই সমষ্টিটোত কোনেও পাকিস্তানী পতাকা উৰুৱা নাই (Pakistan flag at Batadrava)।

অসমক উত্তপ্ত কৰিবলৈ বটদ্ৰৱাত চলিছে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ: আমিনুল ইছলাম

থানা জ্বলোৱা ঘটনাটোত ইন্ধন যোগাই ২০২৪ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰা বুলি মন্তব্য কৰে আমিনুল ইছলামে । চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ নৈতিক দায়িত্ব মানি লোৱাৰ আহ্বান বিধায়গৰাকীৰ । পূৰ্বতে বটদ্ৰৱা সমষ্টি বিজেপিৰ দখলত আছিল আৰু এতিয়া বিজেপিৰ দখলত নাই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । মেৰু বিভাজনৰ ৰাজনীতি কৰি অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ আমিনুল ইছলামৰ ।

আনহাতে থানা জ্বলাই দিয়া কাৰ্যক গৰিহণা দি তেওঁ কয় যে চৰকাৰে আৰক্ষীক ৰক্ষণা বেক্ষণ দিছে । এনে অনৈতিক কাৰ্য আৰক্ষীয়ে পূৰ্বতেও কৰিছে বুলি অভিযোগ কৰে বিধায়ক আমিনুল ইছলামে ।

লগতে পঢ়ক: Assam Police Station Attack: বটদ্ৰৱা থানা আক্ৰমণত জড়িত আছিল কুখ্যাত অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.