ETV Bharat / health

আপোনাৰ চিগাৰট খোৱাৰ অভ্যাস আছে নেকি ? এদিনত কেইটাকৈ সেৱন কৰিব চিগাৰেট ? - Questions Asked For Health

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:44 PM IST

COMMON QUESTIONS ASKED TO DOCTOR : কিছু লোকে কামৰ হেঁচাৰ গইনা লৈ দিনটোত পেকেটে পেকেটে চিগাৰেট শেষ কৰে ৷ আপুনি জানেনে আপোনাৰ শৰীৰৰ বাবে দিনটোত কিমানটা চিগাৰেট উপকাৰী ?

COMMON QUESTIONS ASKED TO DOCTOR
এদিনত কেইটা চিগাৰেট সেৱন কৰাটো স্বাস্থ্যসন্মত ? (GETTY IMAGE)

বৰ্তমান সময়ত, আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ বহুতো সময়ত কিছু লোকে কামৰ হেঁচা অথবা অন্যান্য ভিন্ন সমস্যাক দোহাই দি নিচাযুক্ত সামগ্ৰীও সেৱন কৰা দেখা যায় ৷ কিন্তু এই নিচাযুক্ত সামগ্ৰীয়ে আমাৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলাই জানেনে ?

কিছু এনে লোকো আছে যিয়ে কামৰ চাপ দূৰ কৰিবলৈ পেকেটে পেকেটে চিগাৰেট সেৱন কৰে ৷ এই চিৰাগেটে আমাৰ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰে ৷

  • শৰীৰক স্বাভাৱিকভাৱে কাম কৰিবলৈ অতিৰিক্ত চেনীৰ প্ৰয়োজন নেকি ?

নহয়, প্ৰাকৃতিক খাদ্যত কাৰ্ব’হাইড্ৰেট থাকে, যাক গ্লুক’জ গঠন কৰিবলৈ বিপাক কৰা হয় ৷ যাক শক্তি আৰু স্বাস্থ্যকৰ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ৷

COMMON QUESTIONS ASKED TO DOCTOR
চেনি (ETV BHARAT HINDI)
  • চেনী-মিঠা পানীয় গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই নেকি ?

হয়, চেনী মিঠা পানীয়ই ওজন বৃদ্ধি, 2 প্ৰকাৰৰ ডায়বেটিছ, চৰ্বিযুক্ত যকৃতৰ ৰোগ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে ৷

COMMON QUESTIONS ASKED TO DOCTOR
ঠাণ্ডা পানীয় (ETV BHARAT HINDI)
  • প্ৰতিদিনে কিমান সুৰা পান কৰিব পাৰি?

সুৰা যিকোনো পৰিমাণৰে সুৰক্ষিত নহয়, কিয়নো যিকোনো পৰিমাণৰে সুৰাপান কৰিলে স্বাস্থ্যৰ বাবে হানিকাৰক ৷ যদি কোনো লোকে মধ্য়মীয়া পৰিমাণে সুৰা সেৱন কৰে, তেওঁলোকৰ বিপদাশংকা কম হয় ৷ সুৰাপানৰ পৰিমাণ বৃদ্ধি হ’লে বিপদাশংকা বৃদ্ধি হয় ৷

COMMON QUESTIONS ASKED TO DOCTOR
সুৰা (ETV BHARAT HINDI)
  • দিনত কিমানটা চিগাৰেট সেৱন কৰাটো সুৰক্ষিত?

ধূমপানৰ কোনো সুৰক্ষিত স্তৰ নাই ৷ আনকি দিনত এটা চিগাৰেট সেৱনে অকাল মৃত্যু আৰু ধূমপান সম্পৰ্কীয় কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷

  • স্বাস্থ্যৰ বাবে সম্পূৰ্ণ ফল বা ফলৰ ৰস কি আটাইতকৈ ভাল ?

ফলৰ ৰস 100 শতাংশই এক স্বাস্থ্যকৰ বিকল্প হ'ব পাৰে ৷ কিন্তু এটা সম্পূৰ্ণ অতিকৈ স্বাস্থ্যকৰ ৷ প্ৰতিদিনে মাত্ৰ এগিলাচ ফলৰ ৰস খালে তিনি বছৰত প্ৰায় আধা পাউণ্ড ওজন বৃদ্ধি হয় ৷ একে সময়তে, প্ৰতিদিনে এবাৰকৈ সম্পূৰ্ণ ফল সেৱন কৰিলে তিনি বছৰত প্ৰায় এক পাউণ্ড ওজন হ্ৰাস হয় ৷

COMMON QUESTIONS ASKED TO DOCTOR
ফল-মূল (ETV BHARAT HINDI)

লগতে পঢ়ক: আমি কোন সময়ত চেনি খালে দেহৰ ক্ষতি নহয় ? জানি লওক বিশেষজ্ঞৰ পৰা - Right Time to Eat Sugar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.