ETV Bharat / health

আমি কোন সময়ত চেনি খালে দেহৰ ক্ষতি নহয় ? জানি লওক বিশেষজ্ঞৰ পৰা - Right Time to Eat Sugar

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 7:47 PM IST

Right Time to Eat Sugar: সাম্প্ৰতিক সময়ত দেহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহু মানুহে চেনি বা অধিক মিঠা খাদ্য খোৱাৰ পৰা বিৰত থাকে । স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলে অন্যান্য দৈহিক কাৰ্যকলাপৰ লগতে দেহক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ খাদ্যাভাসৰ প্ৰতিও গুৰুত্ব দিয়ে আৰু এইক্ষেত্ৰত প্ৰায়ে খাদ্য তালিকাৰ পৰা বাদ পৰে চেনি । কিন্তু আজি এই প্ৰতিবেদনৰ দ্বাৰা আমি আপোনালোকক দিবলৈ ওলাইছো ইয়াৰ সমাধান ৷

What is the right time to eat sugar? What do the experts say
আমি কোন সময়ত চেনি খালে নহয় দেহৰ ক্ষতি ? জানি লওক বিশেষজ্ঞৰ পৰা (FREEPIK)

সাম্প্ৰতিক সময়ত দেহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহু মানুহে চেনি বা অধিক মিঠাই খোৱাৰ পৰা বিৰত থাকে ৷ স্বাস্থ্য সচেতন লোকসকলে অন্যান্য দৈহিক কাৰ্যকলাপৰ লগতে দেহক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ খাদ্যাভাসৰ প্ৰতিও গুৰুত্ব দিয়ে আৰু এইক্ষেত্ৰত প্ৰায়ে খাদ্য তালিকাৰ পৰা বাদ পৰে চেনি ৷ সাধাৰণতে ডায়েবেটিছৰ আশংকাৰ পৰা দেহক সুৰক্ষিত কৰি ৰখাৰ বাবে চেনি খোৱা নহয় ৷

তথ্য অনুসৰি মিঠা খোৱাৰ লগত ডায়েবেটিছৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই ৷ কিন্তু বেছিকৈ মিঠা খালে মেদবহুলতা হ'ব পাৰে আৰু ই ডায়েবেটিছৰ কাৰণ হৈ উঠিব পাৰে ৷ কিন্তু যদি আপোনাৰ মিঠাই খাবলৈ মন যায় আৰু লগতে চেনিৰ দ্বাৰা শৰীৰৰ কোনো ক্ষতি নোহোৱাটোও বিচাৰে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ মানি চলিব পাৰে ৷

চিকিৎসকৰ মতে, চেনিয়ে সকলো ব্যক্তিৰ কোনো ক্ষতি নকৰে ৷ কিন্তু চেনি প্ৰচুৰ পৰিমাণে খাবলৈ আৰম্ভ কৰিলে আৰু কোনো ধৰণৰ ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম নকৰিলে চেনিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ বেছিকৈ চেনি খালে শৰীৰৰ কেলৰি বৃদ্ধি পায়, কিন্তু সেই অনুসৰি কেলৰিও বৃদ্ধি পায় ৷

অতিৰিক্ত কেলৰিৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত শৰীৰৰ বি এম আই বাঢ়িবলৈ আৰম্ভ কৰে আৰু মেদবহুলতাৰ সৃষ্টি হয় ৷ ধাৰাবাহিকভাৱে মেদবহুলতা বৃদ্ধি পালে বহু ৰোগৰ সৃষ্টি হয় ৷ এই সন্দৰ্ভত গাজিয়াবাদৰ এণ্ড’ক্ৰ’ন’লজিষ্ট ডাঃ অমিত কুমাৰে এই সন্দৰ্ভত কিছু প্ৰয়োজনীয় উপদেশ আগঢ়াইছে ৷

চিকিৎসকগৰাকীয়ে কয় যে, মানুহে পুৱা চাহ, ফল-মূল, পেষ্ট্ৰি, ৰুটি আদি খায়, কিন্তু পুৱা পৰাপক্ষত এনে খাদ্য খাব নালাগে বুলি তেওঁ কয় ৷ পুৱা এনে খাদ্য খালে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে বুলি তেওঁ আঙুলিয়াই দিয়ে ৷ ৰাতিটো উপবাস কৰাৰ পিছত পুৱা মিঠাই খালে শৰীৰত কাৰ্বহাইড্ৰেটৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু এয়া দেহৰ বাবে ভাল নহয় ৷

ডাঃ অংকিত কুমাৰে কয় যে, পুৱা অত্যধিক চেনি সেৱনে তেজৰ চেনিৰ মাত্ৰা ভাৰসাম্যহীন কৰি তোলে আৰু ব্যক্তিক ভাগৰুৱা আৰু দুৰ্বল কৰিব পাৰে ৷ অত্যধিক চেনি সেৱনৰ লগত শৰীৰৰ প্ৰদাহৰো সম্পৰ্ক আছে, যাৰ ফলত হৃদৰোগ আৰু মধুমেহ ৰোগ হ’ব পাৰে ৷ এনে অৱস্থাত পুৱা যিকোনো ৰূপত মিঠাই খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

অৱশ্যে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত মিঠা খাব পাৰি বুলি ডাঃ অংকিত কুমাৰে লগতে কয় ৷ এই সময় মিঠাই খোৱাৰ উত্তম সময় ৷ দুপৰীয়া শৰীৰৰ বিপাকীয় ক্ৰিয়া অধিক সক্ৰিয় হয়, যাৰ বাবে চেনি ভালদৰে শোষিত হয় ৷ ইয়াৰ বাহিৰেও যদি কোনোবাই সন্ধিয়া ৱৰ্কআউট কৰে তেন্তে দুপৰীয়াৰ আহাৰত চেনি খাব পাৰে ৷

ইয়াৰ ফলত পেশীৰ পুনৰুদ্ধাৰত সহায়ক হয় বুলি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে সদৰী কৰিছে ৷ অৱশ্যে মিঠাই সদায় সীমিত পৰিমাণতহে খাব লাগে বুলি তেওঁ দোহাৰে ৷

লগতে পঢ়ক: নেচলে চেৰেলাকত অত্যধিক চেনি: এফ এছ এছ এ আইক তদন্তৰ নিৰ্দেশ - Cerelac Baby Foods
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.