ETV Bharat / business

নেচলে চেৰেলাকত অত্যধিক চেনি: এফ এছ এছ এ আইক তদন্তৰ নিৰ্দেশ - Cerelac Baby Foods

Cerelac Baby Foods: ছুইজাৰলেণ্ডৰ এন জি অ’, পাব্লিক আই এণ্ড ইণ্টাৰনেশ্যনেল বেবী ফুড একচন নেটৱৰ্ক (আই বি এফ এ এন)ৰ এক তথ্য ভাৰতত বিক্ৰী হোৱা নেচলে চেৰেলাকত অত্যধিক পৰিমাণে চেনিৰ যোগ কৰাৰ কথা প্ৰকাশ পাইছিল ৷ ইয়াৰ পাচতেই গ্ৰাহক পৰিক্ৰমা মন্ত্ৰণালয়ে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰে ৷ মন্ত্ৰণালয়ে খাদ্য সুৰক্ষা নিয়ন্ত্ৰক এফ এছ এছ এ আইক নেচলেৰ চেৰেলাকৰ শিশু খাদ্য প্ৰস্তুতৰ তদন্ত কৰিবলৈ কয় ৷

Consumer Affairs Min Asks FSSAI To Probe Composition Of Nestle's Cerelac Baby Cereals Sold In India
খাদ্য সুৰক্ষা নিয়ন্ত্ৰক এফ এছ এছ এ আই
author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 5:27 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিল: ভাৰতত বিক্ৰী হোৱা শিশু খাদ্য নেচলে চেৰেলাকত অত্যধিক পৰিমাণে চেনি সংযোগ কৰা তথ্য বিশ্বব্যাপী প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পাচতেই গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে খাদ্য সুৰক্ষা নিয়ন্ত্ৰক এফ এছ এছ এ আইক নেচলেৰ চেৰেলাক শিশু খাদ্য প্ৰস্তুতৰ তদন্ত কৰিবলৈ কয় ৷

ছুইজাৰলেণ্ডৰ এন জি অ’, পাব্লিক আই এণ্ড ইণ্টাৰনেশ্যনেল বেবী ফুড একচন নেটৱৰ্ক (আই বি এফ এ এন)ৰ তথ্য অনুসৰি ইউৰোপৰ বজাৰৰ তুলনাত ভাৰত, আফ্ৰিকা আৰু লেটিন আমেৰিকান ৰাষ্ট্ৰকে ধৰি কম উন্নত দক্ষিণ এছিয়াৰ দেশসমূহত নেচলেয়ে চেনি অধিক পৰিমাণে থকা শিশুৰ খাদ্য সামগ্ৰী বিক্ৰী কৰিছিল ।

ইয়াৰ পাচতেই গ্ৰাহক পৰিক্ৰমা সচিব তথা কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ মুৰব্বী নিধি খাৰে পিটিআইক জনায় যে, আমি নেচলেৰ বেবী প্ৰডাক্টৰ প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এফ এছ এছ এ আইলৈ পত্ৰ লিখিছো ।

এফ এছ এছ এ আইলৈ লিখা পত্ৰখনত খাৰে কয় যে ভাৰতত নেচলে কোম্পানীটোৰ প্ৰথা সম্পৰ্কে বিশেষকৈ নেচলে চেৰেলাক খাদ্য প্ৰস্তুতৰ সম্পৰ্কে বিভিন্ন বাতৰিৰ জৰিয়তে গ্ৰাহক পৰিক্ৰমা বিভাগৰ দৃষ্টিগোচৰ হৈছে ।

তেওঁ কয়, ছুইজাৰলেণ্ডৰ সংস্থাটোৱে ভাৰতত নেচলেৰ উৎপাদন পদ্ধতিৰ ওপৰত আলোকপাত কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

খাৰেই কয় যে প্ৰতিবেদন অনুসৰি ভাৰতত বিক্ৰী হোৱা নেচলে চেৰেলাক শিশু খাদ্যৰ প্ৰতিটো চাৰ্ভিঙত ২.৭ গ্ৰাম চেনি যোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে জাৰ্মানী, ছুইজাৰলেণ্ড, ফ্ৰান্স আৰু ব্ৰিটেইনৰ দৰে অন্যান্য দেশত এনে কাৰ্যৰ পৰা বিৰত থাকে ৷

শিশুৰ সামগ্ৰীত উচ্চ চেনিয়ে আমাৰ দেশৰ শিশুৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে গুৰুতৰ চিন্তাৰ সৃষ্টি কৰে বুলি দৃঢ়তাৰে উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে, "আমাৰ নাগৰিকসকলৰ বিশেষকৈ শিশু আৰু সৰু ল’ৰা-ছোৱালীৰ স্বাস্থ্য আৰু মংগলৰ গুৰুত্ব সৰ্বোচ্চ আৰু সুৰক্ষাৰ মানদণ্ডৰ পৰা যিকোনো বিচ্যুতিৰ ফলত স্বাস্থ্যজনিত গুৰুতৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে ।"

এই প্ৰতিবেদনসমূহৰ পোহৰত খাৰে কয় যে, "ভাৰতত বিক্ৰী হোৱা নেচলে চেৰেলাক শিশু খাদ্য প্ৰস্তুত সন্দৰ্ভত নেচলে কোম্পানীটোৰ প্ৰথাৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এফ এছ এছ এ আইক অনুৰোধ কৰা হৈছে"।

এফ এছ এছ এ আইয়ে বিষয়টোৰ তদন্ত কৰি তথ্য লৈ উলিয়াই আনিব লাগে বুলিও তেওঁ কয় । ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ(FSSAI) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰশাসনৰ অধীনস্থ এক বিধিগত সংস্থা ।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগেও এই প্ৰতিবেদন লক্ষ্য কৰি এফ এছ এছ এ আইক জাননী জাৰি কৰিছে । ইফালে বৃহস্পতিবাৰে নেচলে ইণ্ডিয়াই কয় যে তেওঁলোকে কেতিয়াও নিয়ম মানি চলাৰ ক্ষেত্ৰত আপোচ নকৰে আৰু বিগত পাঁচ বছৰত ভাৰতত শিশু খাদ্য সামগ্ৰীত যোগ কৰা চেনি প্ৰকৰণৰ ওপৰত নিৰ্ভৰ কৰি ৩০ শতাংশতকৈ অধিক হ্ৰাস কৰিছে ।

কোম্পানীটোৰ মুখপাত্ৰই কৈছিল যে, "নেচলে ইণ্ডিয়াৰ বাবে যোগ কৰা চেনিৰ পৰিমাণ হ্ৰাস কৰাটো অগ্ৰাধিকাৰ । বিগত ৫ বছৰত আমি ইতিমধ্যে যোগ কৰা চেনিৰ পৰিমাণ ৩০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছো, যিটো প্ৰকৰণৰ ওপৰত নিৰ্ভৰ কৰে ।"

এই নিয়ম মানি চলাটো নেচলে ইণ্ডিয়াৰ এক অপৰিহাৰ্য বৈশিষ্ট্য বুলি জোৰ দি মুখপাত্ৰগৰাকীয়ে কয়, "সেই বিষয়ত আমি কেতিয়াও আপোচ নকৰো । আমি এইটোও নিশ্চিত কৰো যে ভাৰতত নিৰ্মিত আমাৰ সামগ্ৰীসমূহ ক'ডেক্স মানদণ্ড (ডব্লিউ এইচ অ' আৰু এফ এ অ'ই স্থাপন কৰা কমিচন) আৰু যোগ কৰা চেনিকে ধৰি সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত স্থানীয় নিৰ্দিষ্টকৰণ (প্ৰয়োজন অনুসৰি)ৰ সৈতে সম্পূৰ্ণ আৰু কঠোৰভাৱে অনুসৰণ কৰা হয় ।"

প্ৰতিবেদন অনুসৰি, নেচলেৰ ঘেঁহু ভিত্তিক সামগ্ৰী, ছমহীয়া কেঁচুৱাৰ বাবে চেৰেলাক ব্ৰিটেইন আৰু জাৰ্মানীত কোনো ধৰণৰ চেনি যোগ নকৰাকৈ বিক্ৰী হয় যদিও ভাৰতৰ পৰা বিশ্লেষণ কৰা ১৫টা চেৰেলাক সামগ্ৰীত গড়ে প্ৰতিটো খাদ্যত ২.৭ গ্ৰাম অতিৰিক্ত চেনি আছিল ।

ভাৰতত পেকেজিঙৰ ওপৰত চেনিৰ পৰিমাণ উল্লেখ কৰা হৈছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । এই সামগ্ৰীত সৰ্বাধিক চেনিৰ পৰিমাণ আছিল থাইলেণ্ডত ৬ গ্ৰাম । ফিলিপাইনছত পৰীক্ষা কৰা আঠটা নমুনাৰ ভিতৰত পাঁচটা নমুনাত চেনিৰ পৰিমাণ ৭.৩ গ্ৰাম পোৱা গৈছিল আৰু এই তথ্য পেকেজিঙতো উল্লেখ কৰা হোৱা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: পুৰণি নে নতুন কৰ ব্যৱস্থা : আপোনাৰ বাবে কোনটো বেছি উপযোগী ? - Tax Regime

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.