মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু - Assam Pilgrims Died In Mecca
Stampede at Macca : হজ পালনৰ বাবে মক্কালৈ গৈ উভতি নাহিল অসমৰ তিনিগৰাকী হজযাত্ৰী । চিৰদিনৰ বাবেই চকু মুদিলে এই কেইগৰাকী হজযাত্ৰীয়ে । তেওঁলোক কেনেকৈ মত্য়ুমুখত পৰিল ?

Published : June 17, 2024 at 12:41 PM IST
গুৱাহাটী, ১৭ জুন : পবিত্র হজ পালন কৰিবলৈ গৈ মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে । দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । মিনাৰ চফাৰ ময়দানত অধিক ভিৰৰ মাজত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰী মৃত্যুমুখত পৰে ।
এই মৃত লোককেইগৰাকী হৈছে কাছাৰৰ বৰখলাৰ মৌলানা ছইফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ ছালেহা বেগম বৰভূঞা আৰু বৰপেটা জিলাৰ জৰিনা বেগম । তিনিওগৰাকী হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পাতালৰ মর্গত ৰাখিছে ছৌদি প্রশাসনে ।
ইপিনে, কিছুদিন পূৰ্বে হজ পালনলৈ গৈ মক্কাত মৃত্যু হৈছিল অসমৰ এজন হজযাত্ৰীৰ । মৃত হজযাত্ৰীজন কাছাৰৰ তোপখানাৰ জছিৰ উদ্দিন মজুমদাৰ । পত্নীক লগত লৈ পৱিত্ৰ হজ পালন কৰিবলৈ ছৌদি আৰবলৈ গৈছিল জছিৰ উদ্দিন মজুমদাৰ নামৰ লোকজন । হজ পালনৰ সময়তেই হঠাৎ অসুস্থ হৈ পৰে জছিৰ উদ্দিন মজুমদাৰ । ইয়াৰ পিচতেই চিকিৎসাৰ ব্য়ৱস্থা কৰে যদিও তেওঁৰ মৃত্য়ু হয় ।
উল্লেখ্য যে, উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা মে'ত আৰম্ভ হোৱা হজ যাত্ৰা ২৫ মে'লৈ যাত্ৰীসকল মক্কালৈ যাত্ৰা কৰিছিল । এইবেলি পবিত্ৰ হজ সমাপনৰ বাবে ৩,৮০৭ গৰাকী হজ যাত্ৰী মক্কালৈ যাত্ৰা কৰিছিল । ইয়াৰ ভিতৰত পুৰুষ হজযাত্ৰীৰ সংখ্যা হৈছে ২,৬৫১ জন আৰু মহিলা হজযাত্ৰীৰ ১,২৮৬ গৰাকী ।
হজযাত্রী সকলক চোৱাচিতা কৰাৰ বাবে অসমৰ পৰা মক্কালৈ ১৯ জন খাদিমুল গৈছে । অহা ২৯ জুনৰ পৰা একাদিক্ৰমে হজযাত্ৰীসকলৰ ওভতনি যাত্ৰা আৰম্ভ হ'ব । ইফালে, অসমৰ হজযাত্ৰী সকলে জেদ্দাহ, মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে, সেয়া চিনাক্ত কৰিবলৈ ডিঙিত গামোচা লৈ থকাৰ লগতে তেওঁলোক থকা হোটেলৰ সন্মুখত দিনে নিশাই গামোচাৰ পতাকা উৰুৱাই ৰাখিছে ।

