ETV Bharat / bharat

Forest Fire in Rajasthan: ৰাজস্থানৰ চাৰিস্কা বনাঞ্চলত পুনৰ লাগিল বনজুই

author img

By

Published : Apr 3, 2022, 10:43 PM IST

ৰাজস্থানৰ আলৱাৰ জিলাৰ চাৰিস্কা বনাঞ্চলত দেওবাৰে এক বনজুইৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে বনাঞ্চলখনৰ তেহলা ৰেঞ্জত এই জুইৰ সূত্ৰপাত হয় (Forest fire in Sariska of Rajasthan)।

Forest Fire in Rajasthan
ৰাজস্থানৰ চাৰিস্কা বনাঞ্চলত পুনৰ বনজুই

আলৱাৰ, 3 এপ্ৰিল: ৰাজস্থানৰ আলৱাৰ জিলাৰ চাৰিস্কা বনাঞ্চলত দেওবাৰে এক বনজুইৰ ঘটনা সংঘটিত হয় (Forest fire in Sariska of Rajasthan)। জানিব পৰা মতে বনাঞ্চলখনৰ তেহলা ৰেঞ্জত এই জুইৰ সূত্ৰপাত হয় । আলৱাৰ জিলা প্ৰশাসনে নিশা প্ৰায় ১২:৩০ বজাত অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে গাওঁবাসীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰাৰ বাবে দুৰ্যোগ প্ৰশমনৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ।

ইফালে, বতাহৰ ফলত জুইৰ লেনিহান শিখা সমগ্ৰ অঞ্চলতে বিয়পি পৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জয়পুৰৰ পৰা দুটাকৈ ৰাজ্যিক প্ৰশমন বাহিনীৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ৷ কিছুদিন পূৰ্বে বনাঞ্চলখনৰ বালেটা সংমণ্ডলত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছত দেওবাৰে পুনৰ বনজুইৰ ঘটনা সংঘটিত হৈছে ৷

উল্লেখ্য যে, বনাঞ্চলখনত ২৭ মাৰ্চত সংঘটিত বনজুই কাষৰীয়া অঞ্চলৰ প্ৰায় 10 বৰ্গ কিলোমিটাৰলৈ বিয়পি পৰিছিল । ইয়াৰ পিছতে জিলা প্ৰশাসনে দুখন বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে একেৰাহে তিনিদিন ধৰি পানী ছটিওৱাৰ লগতে অঞ্চলটোৰ শ শ গাওঁবাসীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল ৷

লগতে পঢ়ক: নাছিকৰ পৱন এক্সপ্ৰেচত কেইবাটাও ডবা লাইনচ্যুত, নিহত 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.