ETV Bharat / sports

Women's World Cup 2022 Final: খিতাপ জিকি অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াই

author img

By

Published : Apr 3, 2022, 5:34 PM IST

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ দখল অষ্ট্ৰেলিয়াৰ(Australia beat England to win World Cup) ৷ সপ্তমবাৰলৈ মহিলা বিশ্বকাপৰ খিতাপ দখলৰ অভিলেখ অষ্ট্ৰেলিয়াৰ ৷

Women's World Cup 2022 Final
খিতাপ জিকি অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াই

স্পৰ্টছ ডেস্ক, 3 এপ্ৰিল : মহিলা ক্ৰিকেট বিশ্বকাপ 2022ৰ ফাইনেলত (Women's World Cup 2022 Final) দেওবাৰে অষ্ট্ৰেলিয়াই ইংলেণ্ডক পৰাস্ত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াই ইংলেণ্ডক 71 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ৷ অষ্ট্ৰেলিয়াই এই জয়ৰ লগতে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ সৰ্বাধিক সপ্তমবাৰলৈ দখল কৰি অভিলেখ গঢ়ে ৷

নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চৰ হেগলি ওভালত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেল খেলখনৰ আৰম্ভনিতে ইংলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 5 টা উইকেট হেৰুৱাই ইংলেণ্ডক 356 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ ইয়াৰ পাছত ইংলেণ্ডে বেটিং কৰি 43.4 অভাৰত আটাইকেইটা ইউকেট হেৰুৱাই 285 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ এলিছা হিলিয়ে প্ৰতিযোগিতাখনত মেন অৱ দ্যা মেছ আৰু মেন অৱ দ্যা ছিৰিজৰ খিতাপ দখল কৰে ৷ এলিছা হিলিয়ে ইংলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলখনত মাত্ৰ 138 টা বলত 170 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : Women's World Cup 2022 Final: সমুখ সমৰত ইংলেণ্ড-অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.