ETV Bharat / state

সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী

author img

By

Published : Apr 3, 2022, 6:15 PM IST

দেওবাৰে ইতিহাস প্ৰসিদ্ধ শদিয়াৰ চপাখোৱা থাও মুঙ শদিয়াখোৱা গোহাঞি ক্ষেত্ৰত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনৰ (Buragohain Bongsabali Adhibeshan at Sadia) মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় (CM Himanta Biswa Sarma at Sadia) ৷

cm-himanta-biswa-sarma-at-139th-buragohain-bongsabali-adhibeshan
সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী

শদিয়া, 3 এপ্ৰিল : ইতিহাস প্ৰসিদ্ধ শদিয়াৰ চপাখোৱা থাও মুঙ শদিয়াখোৱা গোহাঞি ক্ষেত্ৰত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশন অনুষ্ঠিত হয় (Buragohain Bongsabali Adhibeshan at Sadia) ৷ এই অধিৱেশনৰ মুকলি সভাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Sadia) ৷

সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী

3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে বুঢ়াগোহাঞি বংশাৱলী কাৰ্যালয় নিৰ্মাণৰ বাবে শদিয়াত এটুকুৰা ভূমি আৱন্টন দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ এই মুকলি সভাতে সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ তৰফৰ পৰা বংশাৱলীটোৰ বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰকপত্ৰ মু্খ্যমন্ত্ৰীক প্ৰদান কৰা হয় ৷

মুখ্যমন্ত্ৰীগৰাকীৰ লগতে এই অধিৱেশনৰ মুকলি সভাত মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, অৰুণাচল প্ৰদেশৰ ডাম্বুক সমষ্টিৰ বিধায়িকা গুম টায়েং, শিক্ষাবিদ দয়ানন্দ বৰগোহাইকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : নিজৰ মাজতে অৰিয়াঅৰি; সন্দেহৰ অগনিয়ে দহিছে বিৰোধী ঐক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.