ETV Bharat / city

68 সংখ্যক বৰদলৈ ট্ৰফীৰ খিতাপ জয় দিল্লী এফ চিৰ

author img

By

Published : Apr 3, 2022, 9:59 PM IST

Updated : Apr 4, 2022, 10:44 AM IST

68 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত দিল্লী এফ চিয়ে ফাইনেলত অৱতীৰ্ণ হৈ নাগালেণ্ড পুলিচক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে (Delhi fc wins Bordoloi Trophy football ৷ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে কচুকে য়ামাজাকিয়ে ।

delhi-fc-wins-68th-bordoloi-trophy-tournament-football
বৰদলৈ ট্ৰফীত খিতাপ জিকিলে চেম্পিয়ন দিল্লী এফ চিয়ে

গুৱাহাটী, 3 এপ্ৰিল: বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত নাগালেণ্ড পুলিচক পৰাস্ত কৰি চেম্পিয়ন হ’ল দিল্লী এফ চি (Delhi fc wins Bordoloi Trophy) ৷ বিগত 24 মাৰ্চৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত 68 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল (68th Bordoloi Trophy football) ৷

দেওবাৰে এই টুৰ্ণামেণ্টৰ ফাইনেল প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷ প্ৰায় 16 টা দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টখনৰ চূড়ান্ত ফুটবল প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত হৈছিল নাগালেণ্ড পুলিচ দল আৰু দিল্লী এফ চি ৷ প্ৰথমবাৰ বাবে দিল্লী এফ চিয়ে ফাইনেলত অৱতীৰ্ণ হৈ নাগালেণ্ড পুলিচক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে ৷

এই ফাইনেল খেলখনত উপস্থিত থাকে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিং, অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং। জানিব পৰা মতে, এই টুৰ্ণামেণ্টত বিজয়ী দল দিল্লী এফ চিৱে লাভ কৰে ২লাখ টকা বিপৰীতে ৰানাৰ্ছ আপ নাগালেণ্ড পুলিচে লাভ কৰে ১লাখ টকা । ইফালে এইবাৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে কচুকে য়ামাজাকিয়ে ।

লগতে পঢ়ক : Women's World Cup 2022 Final: খিতাপ জিকি অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াই

Last Updated : Apr 4, 2022, 10:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.