ETV Bharat / state

ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৰ মন্তব্য

author img

By

Published : Apr 3, 2022, 10:36 PM IST

দেওবাৰে দৰং জিলাৰ বৰঙাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু (Assam Education minister at Darrang) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ (New National Education Policy of Assam) সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য প্ৰকাশ ৷

assam-education-minister-at-darrang
ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৰ মন্তব্য

দৰং, ৩ এপ্ৰিল : দৰং জিলাৰ বৰঙাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু (Assam Education minister at Darrang) ৷ উল্লেখ্য যে, দেওবাৰে উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ হোৱা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে (New National Education Policy of Assam) ৷

Assam Education minister at Darrang
ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৰ মন্তব্য

সংবাদ মাধ্যমৰ যোগেদি তেওঁ উল্লেখ কৰি কয় যে, "অসমত ইতিমধ্যে নতুন শিক্ষানীতি আৰম্ভ হৈছে ৷ অসমৰ শিক্ষা ক্ষেত্ৰৰ বাবে আমি কিছু লক্ষ্য নিৰ্দ্ধাৰন কৰি লৈছো,আৰু সেই লক্ষ্যত আমি ২০১৯ ৰ পৰা ২০৩৫ বছৰৰ ভিতৰত উপনিত হম । প্ৰথম পাঁচ বছৰ হ'ব বুনিয়াদী শিক্ষা । নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাধ্যমিক শিক্ষা ।"

ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৰ মন্তব্য

আনহাতে তেওঁ কয় যে, "শিক্ষা কেৱল ডিগ্ৰীৰ বাবে নহয়, এতিয়া আমি প্ৰতিভাসমূহ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ।" শিক্ষাৰ লগতে খেলা-ধূলা, গান, ছৱি অঁকা আদি প্ৰতিভা বিকাশৰ বাবে শিক্ষক সকলে গুৰুত্ব দিব লাগিব বুলি তেওঁ উল্লেখ কৰে । ইফালে, প্ৰাক্তন বিধায়ক গুৰুজোতি দাসৰ সভাতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট চিকিৎসক নৰেশ্বৰ শৰ্মা , জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাসহ বহু কেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, দৰং জিলাৰ বৰঙাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ দেওবাৰে সামৰণি পৰে৷

লগতে পঢ়ক : শীঘ্ৰেই মহানগৰীত মুকলি হ'ব বিদ্যুৎচালিত বাছসেৱা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.