ETV Bharat / state

অসমীয়া ভাষাক লৈ কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ

author img

By

Published : Apr 3, 2022, 8:36 PM IST

অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ (Arvind singh surrendered after insulting assamese language) ৷ তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে বিতৰ্কিত অৰবিন্দ সিং ৷ বৰ্তমানেও তিনিচুকীয়া সদৰ থানাত বিতৰ্কিত অৰবিন্দ সিঙক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Insult to Assam and Assamese people by a non Assamese
অসমীয়া ভাষাক লৈ কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ

তিনচুকীয়া, 3 এপ্ৰিল : অৱশেষত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত অৰবিন্দ সিং ৷ অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙে দেওবাৰে আত্মসমৰ্পণ কৰে তিনিচুকীয়া সদৰ থানাত । ইয়াৰ পাচতেই এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ দল সংগঠনৰ সদস্যই ৷

অসমীয়া ভাষাক লৈ কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ

উল্লেখ্য যে, বিগত ৩০ মাৰ্চৰ নিশা এক ফোন কলৰ যোগে অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰিছিল বিহাৰী সম্প্ৰদায়ৰ অৰবিন্দ সিং নামৰ এজন ব্যক্তিয়ে (Insult to Assam and Assamese people) ৷ তাৰ পাচতে এই অডিঅ’ ক্লিপটোক লৈ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত কেইবাটাও দল সংগঠনে দাখিল কৰে এক এজাহাৰ ৷

অডিঅ’ ৰেকৰ্ডিঙটোত লোকজনে তিনিচুকীয়াত ৱাৰ্ড কমিচনাৰৰ পৰা মন্ত্ৰী-বিধায়কলৈ সকলো বিহাৰী লোক হ’ব বুলিও ভাবুকি প্ৰদান কৰিছিল ৷ তাৰ পাচতে সৰ্বত্ৰে এই সন্দৰ্ভত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ শীঘ্ৰে প্ৰশাসনক সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দোষী ব্যক্তিজনক চিনাক্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছিল সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল সংগঠনে ৷

আনহাতে, দেওবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ ভুল স্বীকাৰ কৰে বিতৰ্কিত অৰবিন্দ সিঙে । তাৰ পাচতেই আৰক্ষীয়ে নিজৰ জিম্মাত লয় অৰবিন্দ সিঙক ৷ তথ্য অনুসৰি, বৰ্তমানেও তিনিচুকীয়া সদৰ থানাত বিতৰ্কিত অৰবিন্দ সিঙক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : অসম আৰু অসমীয়াক চৰম অপমান এগৰাকী অনা অসমীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.