ETV Bharat / city

শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

author img

By

Published : Apr 3, 2022, 11:01 PM IST

শীঘ্ৰেই অসমলৈ আহিব কেইবাজনো হাইপ্ৰফাইল ব্যক্তি ৷ আগন্তুক কেইদিন অসমত সমাগম ঘটিব ভি ভি আই পিৰ (VVIPs to visit Assam ) ।যাৰ সম্প্ৰতি ব্যস্ত হৈ পৰিছে দিছপুৰ ৷ অসমৰ কেইবাটাও স্থানত হাইপ্ৰফাইলক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ চাওঁক অসমৰ কোন কোন স্থানত আহিব এই হাইপ্ৰফাইল ব্যক্তিসমূহ ৷

president-prime-minister-home-minister-and-defence-minister-will-visit-in-assam
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

গুৱাহাটী,৩ এপ্ৰিল : শীঘ্ৰেই অসম ভূমিত উপস্থিত হ'ব কেইবাজনো ভিভিআইপি ৷ উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে ২ আৰ ৩ মে'ত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ (President Kovind to visit Assam) । ২ আৰু ৩ মে'ত গুৱাহাটী আৰু তামুলপুৰত থাকিব ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী । তামুলপুৰত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি (President Kovind to attend Bodo sahitya sabha event) ।

president-prime-minister-home-minister-and-defence-minister-will-visit-in-assam
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

আনহাতে, ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's upcoming Assam tour)। ডিফু আৰু ডিব্ৰুগড়ত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী। অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৭ খন কেঞ্চাৰ হাস্পতালৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীয়ে সেইদিনা ডিব্ৰুগড়ৰ খনিকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত এক জনসভাতো অংশগ্ৰহণ কৰিব।

president-prime-minister-home-minister-and-defence-minister-will-visit-in-assamc
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

সেইদৰে, ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ৰাজনাথ সিঙৰ গুৱাহাটী ভ্ৰমণক লৈ ৫ গৰাকী শীৰ্ষ বিষয়াক ন'ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ দিগন্ত বৰা, দেৱ কুমাৰ মিশ্ৰ, এম এছ মনিভান্নান, বিষ্ণু কমল বৰা আৰু লয়া মাড্ডুৰীক ন'ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

president-prime-minister-home-minister-and-defence-minister-will-visit-in-assam
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

ইফালে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Union home minister Amit Shah to visit Assam) ৷ ৯ আৰু ১০ মে'ত অসমত থাকিব অমিত শ্বাহ ৷ গুৱাহাটী, দক্ষিণ শালমাৰা আৰু তামুলপুৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী। যাৰবাবে এতিয়া দিছপুৰৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে। ভি ভি আই পিক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।

president-prime-minister-home-minister-and-defence-minister-will-visit-in-assam
শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী
লগতে পঢ়ক : Fuel price hike continuously : প্ৰতিদিনে ঊৰ্ধমুখী ইন্ধনৰ মূূল্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.