ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 9, 2020, 7:01 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি...

অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন আবেদনৰ ওপৰত নিজৰ শুনানি শনিবাৰে স্থগিত ৰাখি কৈছিল যে, গোচৰটো আদালতত স্থগিত হোৱা মানে এইটো নহয় যে অভিযুক্তই সামান্য জামিন আবেদনৰ বাবে সত্ৰ আদালতৰ কাষ চাপিব নোৱাৰিব ৷

নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত সোমবাৰে পুৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মালবাহী ৰেলৰ পৰা সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মালবাহী ৰেলৰ ডবাত নিশা ট্ৰাক লগোৱাত বাধা দিয়ে ৰেল আৰক্ষীৰ কনিষ্টবলে ৷

ওদালগুৰিত তিনিখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে ওদালগুৰি জিলাত প্ৰভাৱশালী মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই তিনিখনকৈ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৷ ধনশ্ৰীঘাটত বিটিচি নিৰ্বাচনৰ বাবে ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কষ্ট বাগলাৰীৰ সমৰ্থনত আয়োজিত জনসভাত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন জনমুখী আঁচনিৰ বিষয়ে নিজ ভাষণত উল্লেখ কৰে।

মহিলা টি-20 মহাৰণঃ আজি ছুপাৰন'ভা-ট্ৰেইলব্লেজাৰ্ছৰ মাজত চূড়ান্ত মেচ

তৃতীয়বাৰৰ বাবে মহিলা টি-20 খিতাপ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে ছুপাৰন'ভা দল ৷ সোমবাৰে ফাইনেল খেলত ট্ৰেইলব্লেজাৰ্ছৰ সৈতে যুঁজত অৱতীৰ্ণ হ‘ব ছুপাৰন‘ভা দল ৷ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ছুপাৰন‘ভা দলে শনিবাৰে চূড়ান্ত লীগ মেচত স্মৃতি মন্ধানাক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

অনুচ্ছেদ 370 বাতিলৰ বিৰুদ্ধে আবেদনৰ আগতীয়া শুনানিৰ বাবে অনুৰোধ JKPC ৰ

জম্মু-কাশ্মীৰ পিপিলছ কনফাৰেঞ্চে সোমবাৰে কয় যে, সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰা আৰু পূৰ্বৱৰ্তী ৰাজ্যৰ পুনৰ গঠন কৰাৰ বাবে কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ৰ সিদ্ধান্তৰ বিৰুদ্ধে এক বিচাৰপীঠৰ আবেদনৰ সোনকালে শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

অসমৰ ভূমি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ: সুস্মিতা দেৱ

সোমবাৰে কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰাৰ নিমিত্তে সীমান্তত উপস্থিত হয় কংগ্ৰেছৰ এটা দল ৷ উক্ত দলটোত উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা ৷

ভাৰতত ক'ভিড ১৯ সামগ্ৰিক তথ্য

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত ৯২.৫৬ শতাংশ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ পৰিমাণ ১.৪৮ শতাংশ। আনহাতে, এই পৰ্যন্ত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে মুঠ ১১,৮৫,৭২,১৯২ টা নমুনা পৰীক্ষা কৰিছে।

টিয়কত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত টীয়কৰ বলমা তিনিআলি সমীপৰ একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীয়ে আধা ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

এন্ধাৰ নাশিবলৈ সাজু মাটিৰ চাকি

মাটিৰ চাকি প্ৰস্তুত কৰাত এতিয়া ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল ৷ একে ব্যস্ততা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰীত ৷ সকলোৰে লক্ষ্য কালীপূজাৰ লগতে দীপাৱলী ৷

ৰাজ্যৰ সংবাদ মাধ্যমলৈ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ

বাইহাটা চাৰিআলিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল ৷ অসমৰ সংবাদ মাধ্যমলৈ চৰকাৰে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.