ETV Bharat / briefs

ভাৰতত ক'ভিড ১৯ সামগ্ৰিক তথ্য

author img

By

Published : Nov 9, 2020, 6:57 PM IST

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত ৯২.৫৬ শতাংশ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ পৰিমাণ ১.৪৮ শতাংশ। আনহাতে, এই পৰ্যন্ত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে মুঠ ১১,৮৫,৭২,১৯২ টা নমুনা পৰীক্ষা কৰিছে।

india-covid-19-tracker-state-wise-report
ভাৰতত ক'ভিড ১৯ সামগ্ৰিক তথ্য

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: বিগত ২৪ ঘন্টাত ভাৰতবৰ্ষত ৪৫,৯০৩ টা নতুন ক'ভিড ১৯ৰ ঘটনা পোহৰলৈ অহাৰ লগতে ৪৯০ গৰাকী লোকৰ এই মহামাৰীত মৃত্যু হয়। বৰ্তমানলৈকে দেশত মুঠ ৫,০৯,৬৭৩ টা সক্ৰিয় ঘটনা থকাৰ লগতে ৭৯,১৭,৩৭৩ গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। আৰু ইতিমধ্যে এই ৰোগত প্ৰায় ৮৫,৫৩,৬৫৭ জন লোকৰ মৃত্যু হৈছে।

india-covid-19-tracker-state-wise-report
ভাৰতত ক'ভিড ১৯ সামগ্ৰিক তথ্য

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত ৯২.৫৬ শতাংশ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ পৰিমাণ ১.৪৮ শতাংশ। আনহাতে, এই পৰ্যন্ত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে মুঠ ১১,৮৫,৭২,১৯২ টা নমুনা পৰীক্ষা কৰিছে।

মহাৰাষ্ট্ৰত এতিয়াও সৰ্বাধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ ১৭,১৯,৮৫৮ জন লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪৫,২৪০ জনৰ। ইয়াৰ পিছতেই আছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লী।

দেওবাৰে ৰাজধানী দিল্লীত মুঠ ৭,৭৪৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। ই দিল্লীত এদিনত কৰ'ণাত আক্ৰান্ত হোৱা সৰ্বাধিক লোকৰ সংখ্যা। ইয়াৰ লগতে দিল্লীত বিগত ২৪ ঘন্টাত ৭৭ গৰাকী লোকৰ মৃত্যু হয়।

ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই ৫০ মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে। লগতে মৃত লোকৰ সংখ্যা হৈছেগৈ ১২,৫৫,২৫০। জনছ হপকিন্স বিশ্ববিদ্যালয়ে সদৰি কৰিছে এই কথা।

আনহাতে, বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে আমেৰিকাত ৯৯,৬১,৩২৪ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২,৩৭,৫৬৬ গৰাকীৰ।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.