ETV Bharat / sports

মহিলা টি-20 মহাৰণঃ আজি ছুপাৰন'ভা-ট্ৰেইলব্লেজাৰ্ছৰ মাজত চূড়ান্ত মেচ

author img

By

Published : Nov 9, 2020, 6:45 PM IST

তৃতীয়বাৰৰ বাবে মহিলা টি-20 খিতাপ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে ছুপাৰন'ভা দল ৷ সোমবাৰে ফাইনেল খেলত ট্ৰেইলব্লেজাৰ্ছৰ সৈতে যুঁজত অৱতীৰ্ণ হ‘ব ছুপাৰন‘ভা দল ৷ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ছুপাৰন‘ভা দলে শনিবাৰে চূড়ান্ত লীগ মেচত স্মৃতি মন্ধানাক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

Women's T20 Challenge final: Supernovas have upper hand against Trailblazers
মহিলা টি-20 মহাৰণঃ আজি ছুপাৰন'ভা-ট্ৰেলব্লেজৰ্সৰ মাজত চুড়ান্ত মেচ

স্পৰ্টছ ডেস্ক, 9 নৱেম্বৰ : তৃতীয়বাৰৰ বাবে মহিলা টি-20 খিতাপ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে ছুপাৰন'ভা দল ৷ সোমবাৰে ফাইনেল খেলত ট্ৰেইলব্লেজাৰ্ছৰ সৈতে যুঁজত অৱতীৰ্ণ হ‘ব ছুপাৰন‘ভা দল ৷ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ছুপাৰন‘ভা দলে শনিবাৰে চূড়ান্ত লীগ মেচত স্মৃতি মন্ধানাৰ দলক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে ৷

আনহাতে টুণাৰ্মেণ্টৰ তৃতীয়টো দল তথা মিথালী ৰাজ নেতৃত্বাধীন ভেল'চিটিয়ে দুখন মেচৰ এখনত জয় আৰু এখনত পৰাজিত হৈ টুণাৰ্মেণ্টৰ পৰা বাহিৰ হয় ৷

উল্লেখ্য যে, মহিলা টি-20 শৃংখলাৰ ফাইনেল মেচ আজি 7:30 বজাত শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব ৷

স্কোবাড :

ছুপাৰন'ভা : হৰমনপ্ৰীত কৌৰ, জেমিমা ৰড্ৰিগাজ, চামাৰী আট্টাপাটুস প্ৰিয়া পুনিয়া, অনুজা পাটিল, ৰাধা যাদৱ, তানিয়া ভাটিয়া, শশীকলা শিৰিৱাৰ্ডেনে, পুনম যাদৱ, চাকেৰা চেলমন, অৰুন্ধতী ৰেড্ডী, পূজা বস্ত্ৰকাৰ, আয়ুষী ছোনি, আয়াবংগা খাকা, মুস্কান মালিক ৷

ট্ৰেইলব্লেজাৰ্ছ : স্মৃতি মন্ধানা, দিপ্তী শৰ্মাস পুনম ৰাউট, ৰিচা ঘোষ, ডি হেমলতা, নুজহত পাৰৱীন, ৰাজেশ্বৰী গায়কৱাড, হাৰলীন দেউল, ঝুলন গোস্বামী, ছিমৰন দিল বাহাদুৰ, ছালমা খাটুন, ছফী একলেষ্টন, নাথাকান চান্থাম, দিয়ান্দ্ৰা দতিন, কাশ্বী গৌতম ৷

লগতে পঢ়ক: অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ মুম্বাই উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.