ETV Bharat / state

নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Nov 9, 2020, 5:20 PM IST

ৰেল আৰক্ষীৰ বিৰুদ্ধে ট্ৰাক চালকক প্ৰহাৰ কৰাৰ অভিযোগ ।

heated situation in nagaon railway station
নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

নগাঁও, 9 নৱেম্বৰ: নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত সোমবাৰে পুৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মালবাহী ৰেলৰ পৰা সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মালবাহী ৰেলৰ ডবাত নিশা ট্ৰাক লগোৱাত বাধা দিয়ে ৰেল আৰক্ষীৰ কনিষ্টবলে ৷ ৰেল আৰক্ষীৰ কনিষ্টবল ধন্তি ফুকনে ট্ৰাকৰ চকাৰ পাম্প এৰি দিয়াৰ চেষ্টা চলোৱাত প্ৰথমে ট্ৰাকখনৰ চালক চন্দন নাথৰ লগত তৰ্কাতৰ্কি লাগে ৷ পিছত ট্ৰাক চালক চন্দন নাথক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ৰেল আৰক্ষীৰ বিৰুদ্ধে।

নগাঁৱৰ হয়বৰগাঁও ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

ৰেল আৰক্ষীৰ কনিষ্টবলৰ প্ৰহাৰত গুৰুতৰভাবে আহত হয় চালক চন্দন নাথ । এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হয়বৰগাঁও ৰেল ষ্টেচনত ৷ নগাঁও জিলা ট্ৰাক ড্ৰাইভাৰ সন্থাই হয়বৰগাঁও ৰেল আৰক্ষীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ৰেল আৰক্ষীৰ কনিষ্টবল ধন্তি ফুকনক উচিত শাস্তি নিদিয়ালৈ আৰু চন্দন নাথৰ ওচৰত ক্ষমা নোখোজা পৰ্যন্ত ট্ৰাক ড্ৰাইভাৰ সন্থাই কোনো সামগ্ৰী পৰিবহন নকৰাৰ সিদ্ধান্ত লয় ৷

লগতে পঢ়ক: অসমৰ ভূমি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ: সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.