ETV Bharat / state

অসমৰ ভূমি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ: সুস্মিতা দেৱ

author img

By

Published : Nov 9, 2020, 4:55 PM IST

সোমবাৰে কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰাৰ নিমিত্তে সীমান্তত উপস্থিত হয় কংগ্ৰেছৰ এটা দল ৷ উক্ত দলটোত উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা ৷

Congress Delegation team visited Border karimganj assam etv bharat news
অসম-মিজোৰাম সীমান্ত

কৰিমগঞ্জ, 9 নৱেম্বৰ: তীব্ৰতৰ হৈছে অসম-মিজোৰামৰ সীমান্তৰ সমস্যা ৷ সীমান্তৰ সমস্যা সমাধানত ডঃ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী নেত্ৰী সুস্মিতা দেৱে ৷ সোমবাৰে কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰাৰ নিমিত্তে সীমান্তত উপস্থিত হয় কংগ্ৰেছৰ এটা দল ৷ উক্ত দলটোত উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা ৷ জিলাখনৰ মেদলিচৰাত উপস্থিত হৈ কংগ্ৰেছৰ সঁজাতি দলটোৱে সীমান্ত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে ৷

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কংগ্ৰেছ দলৰ

উল্লেখ্য যে,দেওবাৰে এই দলটোক কাছাৰ জিলাৰ ধলাই সমষ্টিৰ খুলিচৰা এলেকাত আক্ৰমণ কৰিছিল মিজো দুৰ্বৃত্তই ৷ সেয়ে সোমবাৰে দলটোৰ সৈতে উপস্থিত থাকে আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সীমান্তত উপস্থিত থকা আৰক্ষী আৰু বন বিভাগৰ লোকৰ পৰা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত খবৰ লয় ৷ কিন্তু বন বিভাগৰ লোকে বিষয়টো সন্দৰ্ভত প্ৰকৃত তথ্য উপস্থাপন কৰিবলৈ সমৰ্থ নোহোৱা বুলি জানিব পৰা গৈছে ৷

লগতে চাওকঃ মুছলপুৰত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ কাৰ্ড কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.