ETV Bharat / state

টিয়কত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Nov 9, 2020, 6:52 PM IST

পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত টীয়কৰ বলমা তিনিআলি সমীপৰ একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীয়ে আধা ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

slug_A_teok_801_9nov_asc10027_teok_protest_vis_byte_s.saikia
টিয়কত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

টীয়ক, 9নৱেম্বৰঃ টীয়কত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ সোমবাৰে এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত টীয়কৰ বলমা তিনিআলি সমীপৰ একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত বিভাগীয় কৰ্তৃপক্ষই চৰম প্ৰতাৰণা আৰু মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখযোগ্য যে টীয়কৰ তেলীয়া গাঁও অঞ্চলৰ বহুসংখ্যক ৰাইজ পথলৈ ওলাই আহি পথ সম্প্ৰসাৰণ নামত যি ভূমি অধিগ্ৰহণ কৰিছিল তাৰ উচিত মূল্য নিদিয়াৰ অভিযোগত উত্থাপন কৰি আধা ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ।

লগতে পঢ়কঃৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.