ETV Bharat / state

এন্ধাৰ নাশিবলৈ সাজু মাটিৰ চাকি

author img

By

Published : Nov 9, 2020, 6:52 PM IST

মাটিৰ চাকি প্ৰস্তুত কৰাত এতিয়া ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল ৷ একে ব্যস্ততা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰীত ৷ সকলোৰে লক্ষ্য কালীপূজাৰ লগতে দীপাৱলী ৷

Diwali preparation
সমাগত দেৱালী

চামগুৰি,9 নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ মাজত । মাটিৰ চাকি প্ৰস্তুত কৰাত এতিয়া ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পীসকল ৷ একে ব্যস্ততা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰীত ৷ পূৰ্বৰ পৰা চলি অহা এই পৰম্পৰাৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছিল কৰ’ণা মহামাৰীৰ ৷

সীমাহীন ব্যস্ততা মৃৎ শিল্পীৰ মাজত

কিন্তু কৰ’ণাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকে আশাবাদী হৈ উঠিছে দীপাৱলীৰ সন্ধিয়া চাকি জ্বলাই এন্ধাৰ নাশ কৰাৰ বাবে ৷ দীৰ্ঘদিনে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল এই শিল্প ৷ কালী পূজা আৰু দীপাৱলী উপলক্ষে মাটিৰ চাকি নিৰ্মাণ কৰি সেয়া বিক্ৰী কৰি দুপইছা উপাৰ্জন কৰাৰ লক্ষ্য় এতিয়া প্ৰতিগৰাকী মৃৎ শিল্পীৰে ৷ সেয়ে গাঁৱখনৰ প্ৰতিগৰাকী ব্যক্তি এতিয়া ব্যস্ত হৈ পৰিছে এনেদৰে মাটিৰ চাকিৰ নিৰ্মাণকাৰ্যত ৷

লগতে চাওকঃ ৰাইজৰ দলত যোগদান LDP দলৰ ডেৰশতাধিক সদস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.