ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিলৰ বিৰুদ্ধে আবেদনৰ আগতীয়া শুনানিৰ বাবে অনুৰোধ JKPC ৰ

author img

By

Published : Nov 9, 2020, 5:09 PM IST

জম্মু-কাশ্মীৰ পিপিলছ কনফাৰেঞ্চে সোমবাৰে কয় যে, সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰা আৰু পূৰ্বৱৰ্তী ৰাজ্যৰ পুনৰ গঠন কৰাৰ বাবে কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ৰ সিদ্ধান্তৰ বিৰুদ্ধে এক বিচাৰপীঠৰ আবেদনৰ সোনকালে শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

JKPC moves SC for early hearing of pleas against Art 370 abrogation
অনুচ্ছেদ 370 বাতিলৰ বিৰুদ্ধে আবেদনৰ আগতীয়া শুনানিৰ বাবে অনুৰোধ JKPC ৰ

নিউজ ডেস্ক, 9 নৱেম্বৰ : জম্মু-কাশ্মীৰ পিপিলছ কনফাৰেঞ্চে সোমবাৰে কয় যে, সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰা আৰু পূৰ্বৱৰ্তী ৰাজ্যৰ পুনৰ গঠন কৰাৰ বাবে কেন্দ্ৰৰ ৫ আগষ্ট, ২০১৯ৰ সিদ্ধান্তৰ বিৰুদ্ধে এক বিচাৰপীঠৰ আবেদনৰ সোনকালে শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

দলটোৱে কয় যে, উত্থাপন কৰা বিষয়বোৰ উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠৰ বিচাৰাধীন অৱস্থাত আছে।

  • J&K Peoples Conference moves SC, seeks early hearing of a batch of Petitions challenging abrogation of Article 370 & reorganisation of J&K pic.twitter.com/iSpPV4QRou

    — J&K Peoples' Conference (@JKPC_) November 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দলটোৱে নিজৰ টুইটাৰ হেণ্ডেলত টুইট কৰিছে যে, "জম্মু আৰু কাশ্মীৰ পিপিলছ কনফাৰেঞ্চে বিষয়টো উচ্চতম ন্যায়ালয়লৈ আনিছে, অনুচ্ছেদ 370 বাতিল আৰু জম্মু-কাশ্মীৰৰ পুনৰ গঠনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বাবে এক বিচাৰপীঠৰ দ্বাৰা আবেদনৰ আগতীয়াকৈ শুনানি বিচাৰে ৷"

দলৰ বিবৃতিটোত কোৱা হৈছে যে, পূৰ্বৰ জম্মু আৰু কাশ্মীৰৰ বিশেষ স্থিতি বাতিল কৰা আৰু ৰাজ্যৰ সংবিধান বাতিল কৰাৰ বিৰুদ্ধে এই আবেদন বোৰৰ ওপৰত চূড়ান্ত শুনানি লোৱাৰ স্বত্বেও আৰু কৰ‘ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ স্বত্বেও কেন্দ্ৰই বৰ্ধিত সংখ্যক লোকৰ অধিকাৰক প্ৰভাৱিত কৰিছে, যাৰ ভিতৰত আছে পূৰ্বতে জম্মু আৰু কাশ্মীৰৰ স্থায়ী বাসিন্দাসকলৰ বাবে উপলব্ধ সুবিধাসমূহ হ্ৰাস কৰা।

লগতে পঢ়ক : "পাকিস্তান জিন্দাবাদ" বিতৰ্কঃহিমন্তৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.