ETV Bharat / state

ৰাজ্যৰ সংবাদ মাধ্যমলৈ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ

author img

By

Published : Nov 9, 2020, 3:42 PM IST

বাইহাটা চাৰিআলিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল ৷ অসমৰ সংবাদ মাধ্যমলৈ চৰকাৰে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

as_ghy_01_samujal_press_meet_vis_asc10051
অসমৰ সংবাদ মাধ্যমলৈ বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণাৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

বাইহাটা চাৰিআলি, 9 নৱেম্বৰঃ লকডাউনৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত হোৱা অসমৰ সংবাদ মাধ্যমলৈ চৰকাৰে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ কামৰূপৰ বাইহাটা চাৰিআলিত সোমবাৰে সম্বোধন কৰা এক সংবাদমেলত ভট্টাচাৰ্যই এই দাবী তুলে ৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল

সংবাদমেলত অসম উন্নতি সভাক শক্তিশালী ৰূপত গঢ় দি ৰাজ্যত অৰ্থনৈতিক বিপ্লৱ সূচনা কৰাৰ পৰিকল্পনা কথাও প্ৰকাশ কৰিলে জেষ্ঠ ছাত্ৰ নেতাগৰাকীয়ে । সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, অৰ্থনৈতিক বিকাশৰ বাবে কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সংগঠিতভাৱে কাম কৰিব লাগিব । তদুপৰি, সংবাদ মেলখনত অসংগঠিতভাৱে ৰাজ্যত আৰম্ভ হোৱা অৰ্থনৈতিক বিপ্লৱক সংগঠিত ৰূপত আগবঢ়াই নিয়াৰ পৰিকল্পনাৰ কথাও সদৰি কৰে ভট্টাচাৰ্যই ৷

ইফালে লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলৰ সকলো ধৰণৰ ঋণৰ সুত ৰেহাই দিয়াৰো দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সমান্তৰালভাৱে মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰৰ ব্যৰ্থতাৰ তালিকা দীঘলীয়া বুলি মন্তব্য প্ৰকাশ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

লগতে পঢ়কঃসদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.