ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Feb 3, 2022, 1:05 PM IST

top 10 at 1 pm
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

পুনৰ ৰাহুল গান্ধীৰ বিস্কুট আপ্য়ায়নৰ কথাৰে সৰৱ মুখ্যমন্ত্ৰী হিমন্ত

বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ সবাটোকৈ শক্তিশালী ব্যক্তি হিচাপে পৰিগণিত হোৱা তথা দেশৰ ৰাজনীতিৰো অন্য এক উদিত সূৰ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এখন বহু চৰ্চিত বৈঠক (Famous meeting of Raga and Himanta ) ৷ পুনৰ চৰ্চাত আহিছে এই পুৰণি বৈঠক ৷ পঢ়ো আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ৷

নামবৰ দৈগ্ৰোং বনাঞ্চলত মৃত্যুৰে যুঁজিছে গজৰাজে

নামবৰ দৈগ্ৰোং বনাঞ্চল(Nambor Doigrung Wildlife Sanctuary)ৰ অটব্য অৰণ্যৰ মাজত মৃত্যুৰে যুঁজিছে এটা প্ৰকাণ্ড দঁতাল হাতীয়ে ৷ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 18 কিলোমিটাৰ অৰণ্যৰ মাজত ডিহাইট্ৰেছন (Dehydration) আৰু আভ্যন্তৰীণ আঘাতৰ ফলত মৃত্যুৰ সৈতে যুঁজিছে হাতীটোৱে(Elephant Fight To Survive at Golaghat) ।

Covid 19 Update in Assam : ৰাজ্যত 24 ঘন্টাত ক’ভিডত মৃত্যু 18 গৰাকীৰ

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও অব্যাহত আছে সংহাৰ(covid Situation in Assam) ৷ বুধবাৰে ৰাজ্যত ক’ভিডৰ ফলত 18 জনলৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ৰাজ্যত ক’ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 6,499 গৰাকী ৷

Assam cabinet: কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে ?

বুধবাৰে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Decision taken by Assam Cabinet) ৷ ৰাজ্যৰ বহুকেইখন জিলাৰ জলন্ত সমস্যা গৰাখহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বমুঠ ১১৪ টা মথাউৰি আৰু সেই মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ উপৰিও লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

Gauhati University: ফলাফল ঘোষণা সন্দৰ্ভত আছুৰ দাবী মানি ল'লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই

বিশ্বনাথত বুধবাৰে কংগ্ৰেছ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩২ জনকৈ নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপিত (Congress and AJYCP leader joins BJP) ৷ আগন্তুক ৩০ বছৰলৈ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকাৰ দাবী বিধায়ক ৰঞ্জিত দত্তৰ ৷

ঠিকাদাৰৰ কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ অভিযন্তাক নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বিভাগীয় বিষয়া-অভিযন্তাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক (Minister Pijush Hazarika meets engineers and officials) । ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণে গ্ৰহণ কৰা আঁচনি সম্পৰ্কে আলোচনা ।

Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

উত্তৰাখণ্ডত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি (Congress manifesto in Uttarakhand) অনুষ্ঠানত ভাগ লোৱা পিছতে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰিয়ংকা গান্ধীয়ে কয়, ৰাজ্যখনত লাভ কৰা সঁহাৰিত তেও অভিভূত হৈ পৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।

Thanks to the President's address: ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ বিতৰ্কত প্ৰথম বক্তা হ'ব ৰাহুল গান্ধী

বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমে বক্তব্য ৰাখিব (Motion of thanks to the President's address) ৷ বিৰোধী দলৰ বাবে বান্ধি দিয়া সময়ৰ এক ঘন্টা দিয়া হৈছে কংগ্ৰেছ দলক ৷

মৃত ম’হক লৈ বিপাঙত অভয়াৰণ্যৰ কৰ্তৃপক্ষ : ঘৰচীয়া নে বনৰীয়া আছিল ম’হটো ?

এটা মৃত ম'হে এতিয়া বিবুদ্ধিত পেলাইছে বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ কৰ্তৃপক্ষক (Confusion over dead buffalo in Bura Chapari) । বিশেষ ম'হটো প্ৰকৃততে বনৰীয়া নে ঘৰচীয়া খুঁটিৰ ম'হ তাকলৈ সন্দিহান হৈছে কৰ্তৃপক্ষ । প্ৰকৃততে, বিশেষ ম'হটো বনৰীয়া বুলি দাবী কৰিছিল স্থানীয় একাংশ লোকে ।

Dhoni Acted In A Web Series: অভিনয়ত নামিল মহেন্দ্ৰ সিং ধোনী

ক্ৰিকেটৰ ফিল্ডখনত নিজৰ যাদুৰে সমগ্ৰ বিশ্ববাসীৰে অন্তৰত নিজৰ স্থিতি নিগাজী কৰি লোৱা ক্ৰিকেট মহাৰথী ধোনিয়ে কৰিছে অভিনয় ৷ ‘অথৰ্ৱ’ চৰিত্ৰটোৰে নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটালে ভাৰতীয় ক্ৰিকেট টীমৰ এইজন প্ৰাক্তন খেলুৱৈয়ে (Dhoni in web series) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.