ETV Bharat / state

Assam cabinet: কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে ?

author img

By

Published : Feb 2, 2022, 5:11 PM IST

Decision taken by Assam Cabinet
কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে ?

বুধবাৰে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Decision taken by Assam Cabinet) ৷ ৰাজ্যৰ বহুকেইখন জিলাৰ জলন্ত সমস্যা গৰাখহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বমুঠ ১১৪ টা মথাউৰি আৰু সেই মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ উপৰিও লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বহুকেইখন জিলাত সৰ্বমুঠ ১১৪ টা মথাউৰি আৰু সেই মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ বাবে বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ৯৫৮ কোটি টকা আৱন্টন দিয়ে (Embankment construction in Assam)। কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে আজি সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Decision taken by Assam Cabinet)। এই মথাউৰি আৰু পথৰ উপৰি নিৰ্মাণ কৰা হ’ব ৬ খন গ্ৰাম্য দলঙো ।

১১৪ টা পথ আৰু মথাউৰি নিৰ্মাণ হ’বলগীয়া জিলা কেইখন হ'ল ক্ৰমে- বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কোকৰাঝাৰ, কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আৰু তিনিচুকীয়া ।

আনহাতে, আজিৰ কেবিনেটে নিৰ্মীয়মান তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৪৫০ কোটি টকা আৰু ৫ টা নতুন পথ নিৰ্মাণৰ বাবে ১,০৩১ কোটি টকা অনুমোদন জনায় । ডিৰাক-বিজুলীবন, গহপুৰ-ধলপুৰ, ৰৌতা-মিছামাৰীকে ধৰি আৰু দুঠাইত নিৰ্মাণ হব এই নতুন পথ ।

কেবিনেটে আজি আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰে । সেই অনুসৰি এতিয়াৰে পৰা শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা হ’ব । অনুৰূপভাৱে পৌৰ নিগমলৈ উন্নীত কৰা হ’ব ডিব্ৰুগড় পৌৰসভাকো ।

আনহাতে ৰৰৈয়া বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ১২৪ বিঘা মাটি অধিগ্ৰহণৰ কাৰণে কেবিনেটে ১,৫৬৯ কোটি টকা আৱন্টন জনায় ‌। লক্ষনীয়ভাৱে অসমৰ এক ৰাজ্যিক প্ৰতীক চূড়ান্ত কৰাৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰিবলৈ মন্ত্ৰী কেশৱ মহন্ত আৰু ডাঃ ৰনোজ পেগুক লৈ এখন সমিতিও গঠন কৰা হয় আজিৰ কেবিনেটত । মৰিয়নি নগৰত বসবাস কৰি অহা ১০৩ টা পৰিয়ালক মাটিৰ পট্টা দিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: গড়ৰ চোৰাং খড়্গ, চিকাৰীৰ খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.