ETV Bharat / state

গড়ৰ চোৰাং খড়্গ, চিকাৰীৰ খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ

author img

By

Published : Feb 2, 2022, 3:42 PM IST

অসম আৰক্ষীয়ে ঘোষণা কৰিলে চোৰাং গড় আৰু চিকাৰীৰ খবৰ দিওতালৈ পুৰস্কাৰ (Reward for giving information) ৷ লগতে তিনি দুধৰ্ষ চোৰাং চিকাৰীৰ মুৰৰ মূল্যও নিৰ্ধাৰণ কৰি দিছে আৰক্ষীয়ে ৷

Award for giving information
খবৰ দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ

নিউজ ডেস্ক: অসম আৰক্ষীয়ে চুৰি হোৱা গড়ৰ খড়্গৰ খবৰ দিওতালৈ নগদ ৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে । লগতে তিনিজন চোৰাং চিকাৰীৰ খবৰ দিওতালৈ নগদ ২ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে (Rs 2 lakh reward for leads on three rhino poachers)।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে এই কথা সদৰি কৰি কয় যে, খবৰ দিওঁতাৰ নাম-ঠিকনা গোপনে ৰখা হ’ব। আৰক্ষীয়ে বুধবাৰে তিনিওজন চোৰাং চিকাৰীৰ আলোকচিত্ৰও সংবাদ মাধ্যমৰ আগত মুকলি কৰে আৰু কয় যে তিনিওজন চিকাৰীৰ মুৰৰ ওপৰত নগদ ২ লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে ।

চিকাৰী তিনিজন হ’ল আতাউৰ ৰহমান ওৰফে বাচা (৩৫), আব্দুল মতিন ওৰফে কালা (৩৬) আৰু আচমত আলি ওৰফে নালকো (৩৫) ।

আৰক্ষীৰ মতে এই তিনিওজন চোৰাং চিকাৰী বহু গড় হত্যাৰ লগত জড়িত ।

লগতে পঢ়ক: অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ, এজনক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.