মাতৃয়ে হত্যা কৰিলে এমহীয়া সন্তানক ! - Mother killed one month old child

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:57 PM IST

thumbnail
মাতৃয়ে হত্যা কৰিলে এমহীয়া সন্তানক (ETV Bharat Assam)

চতিয়া,১জুন: আইৰ সমান হ’ব কোন ? নৈৰ সমান ব’ব কোন ? এই আপ্তবাক্যশাৰীৰ যেন অপমৃত্যু ঘটিল চতিয়াত ৷ পাষাণ মাতৃয়ে গৰ্ভজাত সন্তানক হত্যা কৰাৰ এক অভিযোগে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চতিয়াত ৷ চতিয়াৰ ১ নং আদাভেটিৰ ছফিকুল ইছলামৰ দ্বিতীয় পত্নীয়ে নিজৰ এমাহ ২২ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ স্বামীৰ লগতে স্থানীয় লোকে ৷  

শনিবাৰে পুৱা ৫ মান বজাত শিশুটিক মৃত অৱস্থাত পৰি থকা দেখি ছফিকুলে গাওঁৰক্ষী বাহিনীৰ সম্পাদকক ঘটনা সন্দৰ্ভত অৱগত কৰে । লগে লগে গাঁওৰক্ষী বাহিনীৰ সম্পাদক উপস্থিত হৈ চতিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃত শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে পিতৃ-মাতৃকো থানালৈ আনি জেৰা অব্যাহত ৰাখে ৷

লগতে পঢ়ক: কান্দোনেই কাল হ'ল দেৱশিশুৰ - Sensational Murder In Raha

ঘাতকৰূপী জন্মদাতা : গৰম তেল ঢালি জ্বলাই দিলে সন্তানক - Sensational Incident In Silchar

পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক - FATHER KILLED THREE MONTH OLD CHILD

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.