ETV Bharat / state

ঘাতকৰূপী জন্মদাতা : গৰম তেল ঢালি জ্বলাই দিলে সন্তানক - Sensational Incident In Silchar

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 4:11 PM IST

মানুহ কিমান নিৰ্দয় হ'ব পাৰে ? কিদৰে নিজ সন্তানক গৰম তেল ঢালি জ্বলাই দিব পাৰে ? শিলচৰ চহৰত সংঘটিত হৈছে এনে এক নৃশংস ঘটনা । সন্তানৰ ক্ৰন্দন সহ্য কৰিব নোৱাৰি গৰম তেল ঢালি জ্বলাই দিলে পিতৃ-মাতৃয়ে ।

Parents pour hot oil on their child and set them on fire in Silchar
গৰম তেল ঢালি জ্বলাই দিলে সন্তানক (ETV Bharat Assam)

শিলচৰ,১ জুন: তিনি বছৰীয়া কণমানি শিশু কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি শিশুটিৰ গাত গৰম তেল ঢালি জ্বলাই দিলে জন্মদাতা পাষাণ পিতৃ-মাতৃয়ে । ভয়ংকৰ আৰু গাৰ নোম শিয়ৰি উঠা এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ সোণাই ৰোড ফেক্টৰী লেনত ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পাষাণ পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃ জবা দাসক ৷

ঘটনাৰ বিৱৰণ অনুসৰি, পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃয়ে তেওঁলোকৰ এটা ৩ বছৰীয়া কণমানি শিশুক লগত লৈ দীৰ্ঘদিনৰ পৰা সোনাই ৰোড ফেক্টৰী লেনৰ এটা ভাৰাঘৰত বাস কৰিছিল । শুকুৰবাৰে ভাৰাঘৰত তেওঁলোকৰ কণমানি শিশুটিক অতি নিৰ্মমভাৱে অত্যাচাৰ চলাই পিতৃ-মাতৃয়ে । আনকি পাষাণ দুয়ো পিতৃ-মাতৃয়ে কণমানিজনীৰ গাত গৰম তেল ঢালি দিয়ে ।

ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত যেতিয়া কণমানিজনী অজ্ঞান হৈ পৰে তেতিয়া কণমানি শিশুটিক ঘৰতে এৰি পলায়ন কৰে পাষাণ পিতৃ-মাতৃয়ে । এই ভয়ংকৰ ঘটনাৰ কিছু সময় পাছত প্ৰতিবেশীসকলে ঘটনাৰ উমান পাই শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীৰ লগতে খবৰ দিয়ে চাইল্ড হেল্পলাইনক । খবৰ পাই ঘটনাস্থলীত ৰাঙিৰখাৰি আৰক্ষী আৰু চাইল্ড হেল্পলাইনৰ লোকসকল উপস্থিত হৈ কণমানি শিশুটিক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

বৰ্তমান শিশুটি শিলচৰ মেডিকেল কলেজত সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ৰ তথ্যমতে শিশুটিৰ পেট আৰু ওঁঠৰ বেছি অংশ অগ্নিদগ্ধ হয় ৷ ইপিনে শিশুটিক SMCH ত ভৰ্তি কৰোৱাৰ পাছত অভিযুক্ত পিতৃ-মাতৃৰ সন্ধানত অভিযানত নামে ৰাঙিখাৰি আৰক্ষী আৰু কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্ত দুই পাষাণ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ সোধ-পোছত অভিযুক্ত পিতৃ-মাতৃয়ে ঘটনাৰ কথা স্বীকাৰ কৰি কয় যে কণমানি শিশুটিয়ে ঘৰত যিকোনো সময়তে কান্দি থাকে ৷ সেয়ে তেওঁলোক সন্তানৰ কান্দোনত বিৰক্ত হৈ এনে ঘটনা সংঘটিত কৰিছে বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি প্ৰদান কৰে অভিযুক্ত পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক: কান্দোনেই কাল হ'ল দেৱশিশুৰ - Sensational Murder In Raha

পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক - FATHER KILLED THREE MONTH OLD CHILD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.