ETV Bharat / state

বানত বিধ্বস্ত বৰাক : ৰে’লৰ দবাত আশ্ৰয় বানাক্ৰান্তৰ, বানত ডুবি কিশোৰৰ মৃত্যু - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:37 PM IST

Assam flood situation : বলিয়া বানৰ ফলত বৰাকত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷ ৰে’লৰ দবাত আশ্ৰয় লৈছে শ শ বানাক্ৰান্তই ৷ এতিয়াও আশ্ৰয় বিচাৰি বানাক্ৰান্তই হাবাথুৰি খাব লগা হৈছে ৷

FLOOD SITUATION GRIM IN BARAK
ৰে’লৰ দবাত আশ্ৰয় লৈছে শ শ বানাক্ৰান্তই (ETV BHARAT ASSAM)

শিলচৰ, 1 জুন: ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাত বানে ৷ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শতাধিক গাঁও ৷ এতিয়াও অপৰিৱৰ্তিত অৱস্থাতে আছে শিলচৰৰ বান পৰিস্থিতি ৷ বলিয়া বানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷ এতিয়াও আশ্ৰয় বিচাৰি হাবাথুৰি খাব লগা হৈছে বানাক্ৰান্তই ৷

বানত বৰাকত হাহাকাৰ পৰিস্থিতি (ETV BHARAT ASSAM)

শিলচৰ ৰে’ল ষ্টেচনৰ ৰে’লৰ দবাত বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আশ্ৰয় শিবিৰত স্থান নোহোৱাৰ বাবে ৰে’লৰ দবাত আশ্ৰয় লৈছে শ শ বানাক্ৰান্তই ৷ আনহাতে বৰাকসহ আন নৈ-উপনৈ সমূহৰ জলস্তৰ নিম্নগামী হৈছে যদিও শিলচৰ চহৰসহ গাওঁ অঞ্চলৰ পৰিৱেশ আজি শনিবাৰেও অপৰিৱৰ্তিত অৱস্থাতে আছে ৷ বানৰ কবলত পৰা অঞ্চলসমূহত এতিয়াও ঘৰ-বাৰী, ৰাজপথ, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পানীৰ তলত ৷

ইয়াৰ মাজতে শুকুৰবাৰে নিশা বাদ্ৰীপাৰত মথাউৰি ছিগি নতুনকৈ প্লাৱিত কৰিছে বাঘপুৰ, নিয়াইৰগ্ৰাম, কাশীপুৰ ,বাদ্ৰীপাৰসহ বহু কেইখন গাওঁ ৷ ঠায়ে ঠায়ে বানাক্ৰান্তসকলৰ মাজত এতিয়াও অব্যাহত আছে হাহাকাৰ ৷ বৰাকৰ বান পৰিস্থিতিৰে মোকাবিলাৰ বাবে বিশেষ বিমানেৰে গুৱাহাটীৰ পৰা অনা হ’ল NDRF ৷ মথাউৰি ছিগি অথবা অকেজো শ্লুইচ গেটেৰে নৈৰ পানী প্ৰৱেশ কৰা অঞ্চলসমূহত এতিয়াও পানী আৰু পানী ৷ আশ্ৰয় শিবিৰত এতিয়াও হাহাকাৰ পৰিৱেশ ৷ উপযুক্ত খোৱা পানী আৰু খাদ্য সামগ্ৰীৰ অভাৱত ভুগিছে বানাক্ৰান্ত সকল ৷

ইফালে কাছাৰৰ লক্ষীপুৰ লাবকত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বানত ডুবি মৃত্যু হৈছে এজন কিশোৰৰ ৷ মৃত কিশোৰজন 14 বছৰীয়া শ্যাম কুমাৰ পানিকা বুলি চিনাক্ত কৰা হৈছে ৷ ঘৰৰ কাষতে বাঢ়নী পানীত খেলি থাকোঁতে হঠাৎ পানীত সন্ধানহীন হৈ পৰে কিশোৰজন ৷ স্থানীয় লোকসকলে পানীত সন্ধান চলাই কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বৰাকত বানৰ সংহাৰী ৰূপ, বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই - Flood Situation Of Barak

লগতে পঢ়ক : বৰাকে অতিক্ৰম কৰিলে বিপদসীমা - Barak River

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.