ETV Bharat / state

অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ, এজনক মুকলি

author img

By

Published : Feb 2, 2022, 1:59 PM IST

অৰুণাচল প্ৰদেশ লংডিং জিলাত পথ নির্মাণত জড়িত তিনিগৰাকী লোকক অপহৰণ (Road construction employees kidnapped in Arunachal)। অপহৃত কেইজনৰ এজন মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে । NSCN(Y-K) উগ্ৰপন্থী সংগঠন এই অপহৰণৰ লগত জড়িত থকাৰ সন্দেহ ।

Arunachal Kidnap
অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ

তেজপুৰ,২ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশত পুনৰ অপহৰণৰ ঘটনা । লংডিং জিলাত পথ নির্মাণত জড়িত তিনিগৰাকী লোকক অপহৰণ । অপহৃত তিনিগৰাকীৰ এজন পশ্চিমবংগৰ জলপাইগুৰিৰ বুলি জানিব পৰা গৈছে ।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে লংডিং জিলাৰ পুমাও লাংখৌ নামৰ অঞ্চলত সংঘটিত হৈছে এই অপহৰণৰ ঘটনা । পথ নিৰ্মাণ কৰি থকা অৱস্থাতে ১০ জনীয়া এন এছ চি এন (Y-K) গোটৰ অস্ত্ৰধাৰী দলে তিনিও গৰাকী লোকক মঙলবাৰে অপহৰণ কৰে (3 road construction employees kidnapped in Arunachal)।

Arunachal Kidnap
অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণত জড়িত ৩ কৰ্মচাৰীক অপহৰণ

অৱশ্যে তিনিগৰাকীৰ ভিতৰত অৰুণাচল প্ৰদেশৰ লংডিং ৰলাংখাও গাঁওৰ বাঙফুৱা ৱাংপান নামৰ এজনক উগ্ৰপন্থীৰ দলটোৱে মুকলি কৰি দিয়ে যদিও ২ জনক এতিয়াও আবদ্ধ কৰি ৰাখিছে । এই দুজনৰ ভিতৰত এজন এস্কেভেটৰ ছালক হীৰেন কোঁচ আৰু আনজন ৰামচিশ মাহাতো বুলি জানিব পৰা গৈছে । মাহাতোৰ ঘৰ পশ্চিমবংগত বুলি জানিব পৰা গৈছে ।

অৱশ্যে এতিয়ালৈ লংডিং আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই । স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে লংডিং অঞ্চলত এইধৰণৰ অপহৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছিল । অস্ত্ৰধাৰী গোটে ধন দাবীৰ উদ্দেশ্যে এই অপহৰণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :শিৱসাগৰৰ দিচাং মাজগাঁৱত টেংকাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.