মৰাণৰ নিউ শৰ্মা হোটেলত গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য খুওৱাৰ অভিযোগ - Poor quality food

By ETV Bharat Assamese Team

Published : May 29, 2024, 5:15 PM IST

thumbnail
গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য খুওৱাক লৈ উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

ডিব্ৰুগড়, ২৯ মে’ : গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য খুওৱাক লৈ আজি (বুধবাৰ) মৰাণৰ নিউ শৰ্মা হোটেলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । হোটেলখনত খাদ্য খাই থকাৰ মাজতে গ্ৰাহকসকলে হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ।

অভিযোগ অনুসৰি, আজি হোটেলখনত গ্ৰাহকসকলে খাদ্য খাই থকা অৱস্থাত প্ৰথমে ভাল তৰকাৰীয়েই দি আছিল । কিন্তু দ্বিতীয়বাৰ তৰকাৰী বিচৰাত অতি গোন্ধময় আৰু পুৰণা তৰকাৰী গ্ৰাহকসকলক যোগান ধৰে । যাৰ ফলত খৰ্গহস্ত হৈ পৰে গ্ৰাহকসকল ।

হোটেল কৰ্তৃপক্ষক এই বিষয়ে আপত্তি কৰাত কোনো গুৰুত্ব নিদিয়াৰহে অভিযোগ উত্থাপন কৰে গ্ৰাহকসকলে ৷ যাৰ ফলত হোটেলৰ ভিতৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে, মৰাণৰ একাংশ হোটেলত অধিক মুনাফা লাভৰ স্বাৰ্থত পুৰণি খাদ্য পেলাই নিদি গ্ৰাহকক সেই খাদ্যকে যোগান ধৰি ৰামঠগন দি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

বিগত সময়ত উত্থাপিত হৈ অহা এই অভিযোগ বৰ্তমান সময়ত সত্য বুলি প্ৰমাণিত হৈছে । আজি এই ঘটনাৰ পাচতে ভুক্তভোগীসকলে আৰক্ষী প্ৰশাসনক হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : ডিমা হাছাওৰ জাতিংগা নৈত কালৰ অপেক্ষা; বাঢ়নি পানীত উটি গ’ল আব্দুল অমৰ - Youth drowns to death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.