ETV Bharat / bharat

পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচলত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ! - ARUNACHAL ASSEMBLY POLL 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:31 PM IST

Updated : Jun 1, 2024, 10:55 PM IST

Arunachal Assembly Poll 2024 : তাপীৰ গাৱৰ দাবী- অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ ৰাজ্যৰ জনসাধাৰণে পুনৰ বিজেপিকে ভোটদান কৰিছে ৷ এইবাৰো পেমা খাণ্ডুৰ নেতৃত্বত পুনৰ বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰে হোৱা টেলিফোনিক বার্তালাপত কি কি ক’লে অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ সাংসদ তাপীৰ গাৱে ৷

Arunachal Assembly Poll 2024
পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচলত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ! (Etv Bharat)

তেজপুৰ, ১ জুন: অৰুণাচল প্ৰদেশৰ দুখন লোকসভা আসন পুনৰ বিজেপিৰ দখলত থকাৰ দাবী অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ সাংসদ তাপীৰ গাৱৰ । অহা ৪ জুনত দেশৰ ১৬ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পূৰ্বে অৰ্থাৎ ২ জুনত অৰুণাচল প্ৰদেশৰ ৬০ জনীয়া বিধানসভা আসনৰ ফলাফল ঘোষণা হ’ব ।

অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ফলাফল ঘোষণাক লৈ ৰাজ্যখনৰ ভিতৰত চলিছে বিভিন্ন অংক । শাসক আৰু বিৰোধী দলৰ ভিন্ন গোটত এতিয়া ৰাজ্যখনৰ চৰকাৰ গঠনৰ বাবে চলিছে জল্পনা-কল্পনা ৷ তাৰ মাজতে সাংসদ তাপীৰ গাৱে ইটিভি ভাৰতৰ আগত দাবী কৰিলে যে বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব ।

কোন দিশে বৈছে অৰুণাচল বিধানসভা নিৰ্বাচন বতাহ:

পূব অৰুণাচল প্ৰদেশ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ দুখন লোকসভা আসন পুনৰ বিজেপিৰ দখলত থকাৰ দাবী অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ সাংসদ তাপীৰ গাৱৰ । গাৱে কয় ৰাজ্যখনৰ বিভিন্ন উন্নয়নশীল কামত বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মুখ্যমন্ত্ৰী পেমা খাণ্ডু চৰকাৰে ৰাজ্যখনৰ সকলো এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড নতুনকৈ নিৰ্মাণ কৰা হৈছে । সীমান্তৰ সংযোগী সুৰংগ, দলং নিৰ্মাণ হোৱাত সুৰক্ষাৰ ক্ষেত্ৰত অধিক কটকটীয়া হৈছে আৰু এই উন্নয়নসমূহ দেখি ৰাজ্যখনৰ ভোটাৰে বিজেপিক ভোটদান কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষ্যই প্ৰভাৱাম্বিত কৰিছিল নিৰ্বাচনত:

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চীনে অৰুণাচলৰ কেইবাখনো ঠাইৰ নাম সলনি কৰাক লৈ দেশজুৰি সৃষ্টি হোৱা চাঞ্চল্যৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে সাংসদ গাৱে ৷ সাংসদ গাৱে কয় যে ভাৰত চীন সীমান্তৱৰ্তী ৰাজ্যখনত সীমান্ত সকলো দিশৰ পৰা সুৰক্ষিত আৰু ৰাজ্যখনৰ সীমান্তত চীনৰ পৰা কোনো ধৰণৰ সমস্যা নাই । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিৰ্বাচনী প্ৰচাৰত মন্তব্য কৰিছিল, "চীনে অৰুণাচল প্ৰদেশৰ ৩০ টা ঠাইৰ নাম সলনি কৰি নিজৰ ৱেবছাইটত পোষ্ট কৰিছে । মই মোৰ ওচৰ-চুবুৰীয়াক ক'ব বিচাৰো যে নাম সলনি কৰি একো নহ'ব । কাইলৈ ​​যদি আমি চীনৰ কিছুমান প্ৰদেশ আৰু কিছুমান ৰাজ্যৰ নাম সলনি কৰোঁ, তেন্তে তেনে কৰিলে সেই অঞ্চলবোৰ ভাৰতৰ অংগ হৈ পৰিবনে ?" এই বুলিও প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ কয়, "আমি আমাৰ চুবুৰীয়া দেশৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব বিচাৰো কিন্তু যদি কোনোবাই তেতিয়া ভাৰতৰ সন্মানত আঘাত হানিবলৈ চেষ্টা কৰে তেন্তে আজি ভাৰতৰ ইয়াৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা আছে ।" এই বার্তাই অৰুণাচল প্ৰদেশৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল ।

পুনৰ মুখ্যমন্ত্ৰী হ’ব পেমা খাণ্ডু !

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি মুঠ ১০ টা বিধানসভা সমষ্টিত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে । মুঠ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫০ টা সমষ্টিৰ ফলাফল দেওবাৰে অৰ্থাৎ ২ জুনত প্ৰকাশ পাব ৷ তাপীৰ গাৱৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ ৰাজ্যৰ জনসাধাৰণে পুনৰ বিজেপিকে ভোটদান কৰিছে আৰু পেমা খাণ্ডুৰ নেতৃত্বত পুনৰ বিজেপিয়ে ৰাজ্যখনৰ শাসনভাৰ ল’ব ।

অৰুণাচলৰ ১০ টা বিধানসভা সমষ্টিৰ বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ:

অৰুণাচল প্ৰদেশৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টি ৷ তেওঁ টাৱাং জিলাৰ ৩ নং মুকটো (ST) বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৷ অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিন 46 নং চৌখাম সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ৷ ৪৫ নং হায়ুলিয়াং বিধানসভা সমষ্টিৰ পৰা মহিলা প্ৰাৰ্থী ডাচাঙলু প'লই বিজয় সবাস্ত কৰিছে ৷ প’ল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক প’লৰ পত্নী ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প’লে ২০১৬ চনৰ ৯ আগষ্টত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাস ভৱনত আত্মহত্যা কৰিছিল ।

ইফালে ২০ নং তালিৰ পৰা জিকে টাকো, ২৩ নং তালহাৰ পৰা ন্যাটো ডুকম, ১৫ নং ছাগালীৰ পৰা ৰাতু টেচি, ৪৩ নং ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথি, ১৭ নং জিৰো হাফলি হেগে অপপা, ১৩ নং ইটনাগাৰ টেচি কাসু আৰু ৭ নং বমডিলাৰ ডাংৰো ছিংজুৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰে ।

মনকৰিবলগীয়া যে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ ইতিহাসত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা এয়াই প্ৰথম নহয় । আনহাতে ছাগালীৰ পৰা বিগত ৩০ বছৰ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়ে এইবাৰ সংসদীয় নিৰ্বাচনত আলোৰ পৰা বৰ্তমানৰ বিজেপিৰ সাংসদ তাপীৰ গাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ৷ অৰুণাচল প্ৰদেশৰ ২টা লোকসভা সমষ্টিৰ পৰা মুঠ ১৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এওঁলোকৰ ভাগ্য ৪ জুনত নিৰ্ণয় হ’ব ।

লগতে পঢ়ক: বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ দিশে অৰুণাচলৰ মুখ্যমন্ত্ৰীসহ ৫ বিজেপি প্ৰাৰ্থী - Arunachal Pradesh Assembly election

লগতে পঢ়ক: আজি ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন, 7 বজাৰ পৰা ভোটগ্ৰহণ - SIKKIM AND ARUNACHAL ASSEMBLY POLLS

Last Updated : Jun 1, 2024, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.