ETV Bharat / politics

বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ দিশে অৰুণাচলৰ মুখ্যমন্ত্ৰীসহ ৫ বিজেপি প্ৰাৰ্থী - Arunachal Pradesh Assembly election

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 1:31 PM IST

Arunachal Pradesh Assembly election 2024
বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ দিশে অৰুণাচলৰ মুখ্যমন্ত্ৰীসহ ৫ বিজেপি প্ৰাৰ্থী

Arunachal Pradesh Assembly election: অহা ১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন । ৫ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে মনোনয়নৰ বাবে ওলাই নাহিল বিৰোধী । নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ মুখত হাঁহি বিৰিঙিছে ।

তেজপুৰ, ২৮ মাৰ্চ : বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ৰ দিশে আগবাঢ়িছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসহ ৫ গৰাকী বিজেপি প্ৰাৰ্থী । অৰুণাচল বিধানসভা নিৰ্বাচনৰ ২৭ মাৰ্চ অৰ্থাৎ বুধবাৰে আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীসহ ৫ গৰাকী বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজিবলৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কোনো আগবাঢ়ি নাহিল । ফলস্বৰূপে আটাইকেইগৰাকী বিজেপি প্ৰাৰ্থী এতিয়া বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিধায়ক হিচাপে মনোনীত হোৱাৰ দিশে ।

অৱশ্যে নিৰ্বাচনত তেওঁলোকৰ বিজয়ৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই ভাৰতৰ নিৰ্বাচন আয়োগে । এই প্ৰাৰ্থীকেইজনৰ ভিতৰত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু । তেওঁ টাৱাং জিলাৰ ৩ নং মুকটো (ST) বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে । আনহাতে ছাগালীৰ পৰা বিগত ৩০ বছৰ ধৰি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে এইবাৰ সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ কৰিছে আৰু তেওঁ আলোৰ পৰা মনোনয়ন দাখিল কৰিছে । ফলস্বৰূপে ছাগালীৰ পৰা ৰাটু টেচিয়ে বিনাপ্ৰতিদ্বন্দ্বিতামূলক জয় নিশ্চিত কৰিবলৈ সাজু হোৱা আন এজন প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ উপৰিও নামনি সোৱণশিৰি জিলাৰ জিৰ'ৰ পৰা হাগে আপ্পাই কোনো বিৰোধিতাৰ সন্মুখীন হোৱা নাই । একেদৰে তালিৰ পৰা জিকে টাকো, তালিহাৰ পৰা ন্যাটো ডুকম আৰু ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথিৰ বিৰুদ্ধে কোনোৱে মনোনয়ম পত্ৰ দাখিল কৰা নাই ।

পাপুম পাৰেকে ধৰি ৰাজ্যখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত বিৰোধী প্ৰাৰ্থীৰ অনুপস্থিতিৰ ধাৰাটোৱে শাসকীয় দলৰ সম্ভাৱ্য বিজয়ৰ পথ মুকলি কৰি দিছে । সময়সীমাৰ পূৰ্বে কোনো বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত বিজেপিয়ে এই সমষ্টিবোৰত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ দিশে আগবাঢ়িছে ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব । ১৯ এপ্ৰিলত হ'ব ভোটগ্ৰহণ । ২৭ মাৰ্চত একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । ৰাজ্যিক নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে প্ৰাৰ্থীসমূহৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰিব আৰু অহা ৩০ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব । লক্ষণীয়ভাৱে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ ইতিহাসত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা এয়াই প্ৰথম ঘটনা নহয় ।

লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ হিমাচলৰ মুখ্যমন্ত্ৰী সুখুৰ - Losk Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.