ETV Bharat / bharat

Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

author img

By

Published : Feb 2, 2022, 8:56 PM IST

উত্তৰাখণ্ডত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি (Congress manifesto in Uttarakhand) অনুষ্ঠানত ভাগ লোৱা পিছতে ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰিয়ংকা গান্ধীয়ে কয়, ৰাজ্যখনত লাভ কৰা সঁহাৰিত তেও অভিভূত হৈ পৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব । তেওঁ এদিন পূৰ্বে দেশৰ বিত্ত মন্ত্ৰীয়ে দাখিল কৰা কেন্দ্ৰীয় বাজেটক তেওঁৰ দলে কৰা সমালোচনাৰ কথা উল্লেখ কৰে ।

ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী
ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

নেশ্যনেল ডেস্ক: বুধবাৰে ডেৰাডুনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে উত্তৰাখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৈয়াৰ কৰা দলৰ নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ কথোপকথনত তেওঁ উল্লেখ কৰে যে, ডেৰাডুনৰ জনসাধাৰণে শেহতীয়াকৈ হোৱা 'উন্নয়ন' আৰু ভৱিষ্যতৰ বাবে তেওঁলোকৰ প্ৰত্যাশাৰ প্ৰতি লক্ষ্য ৰাখি ভোট দান কৰিব লাগিব (Priyanka Gandhi Exclusive Interview On Uttarakhand Elections)।

প্ৰিয়ংকাই লগতে উল্লেখ কৰে যে, ৰাজ্যখনত লাভ কৰা সঁহাৰিত তেওঁ অভিভূত হৈ পৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ আশা কৰিছে (Uttarakhand Assembly Election 2022) । মঙলবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উন্মোচন কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কংগ্ৰেছে কৰা সমালোচনাৰ কথা উল্লেখ কৰি প্ৰিয়ংকাই কয়, বাজেটখন মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি 'সম্পূৰ্ণ অবিবেচক', যাৰ বাবে তেওৰ দলে ইয়াক এক 'বৃহৎ হতাশা' হিচাপেহে দেখা পাইছে ।

ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

"এই বাজেটত মধ্যবিত্ত শ্ৰেণী অথবা দেশৰ কৃষকসকলৰ বাবে একো নাই । ইয়াত ব্যৱসায়ী আৰু সমাজৰ উচ্চ শ্ৰেণীৰ লাভালাভৰ বাবেহে আছে সকলো ব্যৱস্থা । ই বিজেপিৰ সম্পূৰ্ণ আদৰ্শকে প্ৰতিফলিত কৰিছে - বিজেপিয়ে কেৱল তেওঁলোকৰ ব্যৱসায়ী বন্ধুসকলৰ বাবেহে কাম কৰি আছে । তেওঁলোকে দেশৰ বাকী সকলৰ বিষয়ে অলপো চিন্তা নকৰে," এইদৰে উল্লেখ কৰিলে প্ৰিয়ংকাই ।

প্ৰিয়ংকা গান্ধীয়ে উত্তৰাখণ্ডৰ জনসাধাৰণক তেওঁলোকৰ ভোটদানৰ অধিকাৰ বুদ্ধিমত্তাৰে সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে । মহিলা সৱলীকৰণৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰিয়ংকাই কলে, যদিহে কংগ্ৰেছ দলে ৰাজ্যখনত ক্ষমতালৈ আহে, তেন্তে ৰাজ্যৰ মহিলাসকলৰ বিকাশৰ ক্ষেত্ৰত নিশ্চিতভাৱে সকলোৱে পৰিৱৰ্তন দেখিবলৈ পাব ।

প্ৰিয়ংকাই বিজেপিক দল আৰু নিৰ্বাচনী প্ৰচাৰত চৰকাৰী ধনৰ ব্যৱহাৰৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । "কেৱল নিৰ্বাচন কাষত থাকিলেহে গেৰুৱা দলটোৱে বৃহৎ ঘোষণা কৰাৰ লগতে স্থগিত ৰখা প্ৰকল্প সমূহৰ উদ্বোধন কৰিবলৈ আৰম্ভ কৰে । তাৰোপৰি চৰকাৰে কৰা কামবোৰ ঢাকঢোল বজাই প্ৰচাৰ কৰিবলৈ বিজেপি দলটোৱে বিজ্ঞাপনত যথেষ্ট খৰচ কৰিছে । কিন্তু যদি বিজেপি চৰকাৰে ৰাজ্যখনত সঁচাকৈয়ে কাম কৰিলেহেঁতেন, তেন্তে এই প্ৰশ্নবোৰ আজি উত্থাপিত নহ'লহেঁতেন । প্ৰকৃত সত্য কথাটো হ'ল চৰকাৰৰ ওচৰত ধন আছে, নিযুক্তিৰ বাবে খালী পদ আছে, কিন্তু চৰকাৰৰ উদ্দেশ্য সঠিক নহয় । যদি এই নেতাসকলে সঁচাকৈয়ে কাম কৰিব বিচাৰিলেহেঁতেন, তেওঁলোকে সেয়া কৰিব পাৰিলে হয় । তথাকথিত 'ডাবল ইঞ্জিন' চৰকাৰে পেট্ৰ'ল আৰু ডিজেল ইমান ব্যয়বহুল কৰি তুলিছিল যে তেওঁলোকৰ নিজৰ ইঞ্জিনেই স্তব্ধ হৈ পৰিছিল," তেওঁ কয় ।

উল্লেখ্য যে, ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যিক কংগ্ৰেছে প্ৰিয়ংকাৰ আগমনৰ বাবে যঠেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল । ইয়াৰ পূৰ্বে, প্ৰিয়ংকাই জানুৱাৰীৰ প্ৰথম সপ্তাহতে ভ্ৰমণৰ কথা আছিল যদিও বৰ্ধিত ক’ৰণাৰ সংক্ৰমণৰ বাবে এই ভ্ৰমণ আজিৰ তাৰিখলৈ পিছুৱাই দিয়া হৈছিল ।

লগতে পঢ়ক: Budget 2022: কেন্দ্ৰীয় বাজেটত উল্লেখ নাই অসমৰ ৰেলৰ আন্তঃগাথঁনিৰ উন্নয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.