ETV Bharat / state

Budget 2022: কেন্দ্ৰীয় বাজেটত উল্লেখ নাই অসমৰ ৰেলৰ আন্তঃগাথঁনিৰ উন্নয়ন

author img

By

Published : Feb 2, 2022, 5:41 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙ্গলবাৰে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ কোনো ঘোষণা কৰা দেখা নগ'ল (Development of railway infrastructure in Assam) । বিশেষকৈ অসমৰ ৰেল যোগাযোগৰ উন্নয়নৰ সম্পৰ্কত কেন্দ্ৰীয় বাজেটত নাইকিয়া বিশেষ কোনো ঘোষণা ৷

Budget 2022: কেন্দ্ৰীয় বাজেটত উল্লেখ নাই অসমৰ ৰেলৰ আন্তঃগাথঁনিৰ উন্নয়ন
Budget 2022: কেন্দ্ৰীয় বাজেটত উল্লেখ নাই অসমৰ ৰেলৰ আন্তঃগাথঁনিৰ উন্নয়ন

গুৱাহাটী, 2 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙ্গলবাৰে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ কোনো ঘোষণা কৰা দেখা নগ'ল (FM did not mention the development of railway infrastructure in Assam)। বিশেষকৈ অসমৰ ৰেল যোগাযোগৰ উন্নয়নৰ সম্পৰ্কত কেন্দ্ৰীয় বাজেটত বিশেষ কোনো ঘোষণা কৰা দেখা নগ'ল । মাত্ৰ ৰেলৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত দেশত নতুনকৈ ৪০০ খন বন্দে ভাৰত ৰেল চলোৱাৰ কথা ঘোষণা কৰিছে । কিন্তু অসমত বন্দে ভাৰত ৰেল কিমানখন চলিব সেয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত উল্লেখ কৰা নাই (Budget 2022) ।

মনকৰিবলগীয়া যে তদানীন্তন ৰেল মন্ত্ৰী সুৰেশ প্ৰভু আৰু তদানীন্তন ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ সময়ত অসমত ৰেল সেৱাৰ আন্তঃগাথঁনি উন্নয়ন কৰাৰ বহুকেইটা প্ৰস্তাৱ এতিয়াও চৰকাৰৰ ফাইলতে আৱদ্ধ হৈ আছে । এই সম্পৰ্কত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কোনো কথা উল্লেখ কৰা নাই । উল্লেখ্য যে বি জে পিৰ ৰাজেন গোঁহাই ৰাজ্যিক ৰেল মন্ত্ৰী হৈ থাকোতেই অসমৰ ৰেল সেৱাৰ আন্তঃগাথঁনি উন্নয়ন কৰাৰ বহু কেইটা প্ৰস্তাৱ আগবঢ়াইছিল ।

ইয়াৰে ভিতৰত গুৱাহাটীৰ শৰাইঘাট ৰেল দলঙৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আন এখন ৰেল দলং নিৰ্মাণ কৰা, শিলঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন ৰেল দলং নিৰ্মাণ কৰা, কামাখ্যা ৰেল ষ্টেচনক ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব চমুকৈ পি পি পি ম’ডত নিৰ্মাণ কৰা আৰু কামাখ্যাৰ পৰা নুনমাটিলৈ চাৰিলেনযুক্ত ৰেল পথ নিৰ্মাণ কৰা আদি কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । কিন্তু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই বিষয়ে কোনো কথা উল্লেখ কৰা নাই ।

আকৌ তদানীন্তন ৰেল মন্ত্ৰী সুৰেশ প্ৰভুয়ে কিছুবছৰ পূৰ্বে গুৱাহাটী আই আই টিত অনুষ্ঠিত ৰেলৱেৰ এখন সভাত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আগিয়াঠুৰি ৰেল ষ্টেচনক বিশ্বমানৰ ৰেল ষ্টেচন হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছিল । কিন্তু এয়া পৰৱৰ্তী সময়ত তদানীন্তন ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৰ এই ঘোষণা ঘোষণাতে সীমাবদ্ধ হৈ থাকিল । আকৌ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই বিষয়ে কোনো কথা উল্লেখ কৰা নাই ।

আনহাতে মণিপুৰৰ নতুন ৰেলপথ আৰু পাচীঘাট-মুৰ্কংচেলেং ৰেলপথ নিৰ্মাণৰ ক্ষেত্ৰত বাজেটত কিমান টকা ধাৰ্য কৰা হৈছে, সেই বিষয়ে আকৌ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই বিষয়ে কোনো কথা উল্লেখ কৰা নাই । আকৌ ক’ভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা উত্তৰ-পূব ৰেলৱেৰ বহু কেইখন যাত্ৰীবাহী ৰেল বন্ধ হৈ আছে । এই বিষয়তো কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কোনো কথা উল্লেখ নকৰিলে ।

লগতে পঢ়ক: PM speech on Union Budget: বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্ছুৱেল ভাষণত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.