ETV Bharat / state

PM speech on Union Budget: বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্ছুৱেল ভাষণত উপস্থিত মুখ্যমন্ত্ৰী

author img

By

Published : Feb 2, 2022, 4:09 PM IST

কেন্দ্ৰীয় বাজেট দাখিলৰ পাছতে দেশৰ বিজেপি কৰ্মীসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ (PM Modi address BJP workers)। বিজেপিৰ অসম প্ৰদেশ কমিটীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো দলীয় নেতা-কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্ছুৱেল ভাষণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । বাজেট আৰু আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্ছুৱেল ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ।

CM
বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্ছুৱেল ভাষণত উপস্থিত মুখ্যমন্ত্ৰী

গুৱাহাটী,২ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ কমিটীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত বুধবাৰে দলীয় নেতা-কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্ছুৱেল ভাষণ (PM Modi address BJP workers) অনুষ্ঠানত অংশগ্ৰহণ কৰে । বাজেট আৰু আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্ছুৱেল ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Assam CM participates in PM's virtual speech), বিজেপিৰ অসম প্ৰদেশ কমিটীৰ সভাপতি ভৱেশ কলিতাৰ লগতে দলৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে ।

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্ছুৱেল ভাষণত উপস্থিত মুখ্যমন্ত্ৰী

অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডেৰ ঘন্টা ধৰি দিয়া ভাৰ্ছুৱেল ভাষণত মঙলবাৰে সংসদত উত্থাপিত বাজেটৰ লক্ষ্য, আদৰ্শ আৰু তত্ব সম্পৰ্কে বাখ্যা আগবঢ়ায় । অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত ৰাজ্যত ৫০ টা স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ শুনাৰ পিছত বাজেটখনৰ গভীৰতালৈ সুমাই যোৱাৰ সুবিধা হৈছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় বাজেটখন আগন্তুক ৰাজ্যিক বাজেটৰ লগত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰি অসমৰ অৰ্থনীতিক আগুৱাই লৈ যোৱাত সমৰ্থ হ'ব পৰা যাব । ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায় যে আগন্তুক মণিপুৰ নিৰ্বাচনৰ বাবে অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত তেওঁ মণিপুৰলৈ যাব ।

লগতে পঢ়ক :Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.