ETV Bharat / state

Union Budget 2022 reactions : কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 2, 2022, 10:09 AM IST

Updated : Feb 2, 2022, 10:39 AM IST

সদনত বুধবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেট ২০২২-২৩ক আদৰণি ‘এৰিডা'(AREIDA)ৰ(Union Budget 2022 reactions) ৷ এই বাজেটৰ জৰিয়তে প্ৰত্যক্ষ কৰ বৃদ্ধি অবিহনে চৰকাৰৰ মূলধন ব্যয় ৩৫.৪ শতাংশৰ দ্বাৰা ৭.৫ লাখ কোটি টকা বৃদ্ধিৰ ফলত দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হ'ব বুলি মন্তব্য ‘এৰিডা'(AREIDA)ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাৰ ।

areidas-president-reactions-on-union-budget-2022
কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমনে(Union Finance minister Nirmala Sitharaman) বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘এৰিডা'(AREIDA)ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাই(Budget reaction by AREIDA's president) । বাজেট সন্দৰ্ভত শৰ্মাই কয় যে চহৰীয়া গৃহৰ গুৰুত্ব আৰু চহৰীয়াকৰণৰ ক্ৰমবৰ্দ্ধিত গতিক স্বীকৃতি প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় বাজেটত নগৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ কথা কোৱা হৈছে । তদুপৰি সমগ্ৰ দেশৰ বাবে আধুনিক গৃহ নিৰ্মাণ বিধি প্ৰৱৰ্তন কৰাৰ কথা বাজেটত কোৱা হৈছে । সেইদৰে দেশৰ যিকোনো প্ৰান্তৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে National generic document registration system (এন জি ডি আৰ এছ) ব্যৱস্থাক আৰু অধিক ত্বৰান্বিত কৰা হ'ব । শৰ্মাই লগতে কয় যে প্ৰধানমন্ত্রী আৱাস যোজনাৰ অধীনত ৮০ লাখ ঘৰ সম্পূৰ্ণ কৰাৰ দিশত ৪৮ হাজাৰ কোটি টকাৰ অনুমোদন কৰাতো আদৰণীয় ।

কেন্দ্ৰীয় বাজেটক লৈ 'এৰিডা'ৰ প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিক্ৰিয়া

আনহাতে নগৰাঞ্চলত বহনক্ষম আৱাসৰ বাবে ভূমি আৰু নিৰ্মাণ সম্পৰ্কীয় অনুমতিৰ ক্ষেত্রত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ওপৰত বাজেটত গুৰুত্ব প্ৰদান কৰা হৈছে । সেইদৰে এইক্ষেত্রত অনলাইন ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে ভূমি ৰেকৰ্ড ডিজিটেলাইজেচন কৰাৰ কথাও কোৱা হৈছে । শৰ্মাই কয় যে ২০২২-২৩ত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ২৫ হাজাৰ কিলোমিটাৰলৈ সম্প্ৰস‍াৰিত হ'ব ।

তদুপৰি পৰিবহনৰ অন্যান্য সাধনৰো ব্যাপক প্ৰস‍াৰ হ'ব । ইয়াৰ লগতে শৰ্মাই কয় যে প্ৰত্যক্ষ কৰ বৃদ্ধি অবিহনে চৰকাৰৰ মূলধন ব্যয় ৩৫.৪ শতাংশৰ দ্বাৰা ৭.৫ লাখ কোটি টকা বৃদ্ধিৰ ফলত দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : #Budget2022 : বাজেট সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Last Updated : Feb 2, 2022, 10:39 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.