ETV Bharat / state

Gauhati University: ফলাফল ঘোষণা সন্দৰ্ভত আছুৰ দাবী মানি ল'লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই

author img

By

Published : Feb 2, 2022, 9:51 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন পাঠ্যক্ৰমৰ এঘাৰটাতকৈ অধিক ষান্মাসিকৰ ফলাফল বিগত কেইবামাহো ধৰি ঘোষণা হোৱা নাই । ফলাফলসমূহ ঘোষণা কৰাৰ লগতে আইনৰ বাবে সুকীয়াকৈ উপ-পৰীক্ষা নিয়ন্ত্ৰক অথবা বিশেষ কৰ্তব্যৰত বিষয়া নিয়োগ কৰাৰ দাবীত ৩ ফেব্ৰুৱাৰীত ১১ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছিল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে। আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই আইন মহাবিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাক ফলাফল ঘোষণা তথা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে (Gauhati University authorities accept Aasu demand for declaration of results) ৷

ফলাফল ঘোষণা সন্দৰ্ভত আছুৰ দাবী মানি ল'লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই
ফলাফল ঘোষণা সন্দৰ্ভত আছুৰ দাবী মানি ল'লে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই

গুৱাহাটী, 2 ফেব্ৰুৱাৰী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ আইন পাঠ্যক্ৰমৰ এঘাৰটাতকৈ অধিক ষান্মাসিকৰ ফলাফল বিগত কেইবামাহো ধৰি ঘোষণা হোৱা নাই । ফলাফলসমূহ ঘোষণা কৰাৰ লগতে আইনৰ বাবে সুকীয়াকৈ উপ-পৰীক্ষা নিয়ন্ত্ৰক অথবা বিশেষ কৰ্তব্যৰত বিষয়া নিয়োগ কৰাৰ দাবীত ৩ ফেব্ৰুৱাৰীত ১১ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছিল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে । আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতেই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই আইন মহাবিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাক ফলাফল ঘোষণা তথা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে ।

সেইমৰ্মে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা উৎপল শৰ্মা আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি গগৈৰ নেতৃত্বত আছু গোট আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ এটি দলে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীৰ লগত আলোচনাত মিলিত হয় । বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি ক‌ংকন মেধি আৰু সাধাৰণ সম্পাদক মৃদুস্মিতা ডেকাই এই সন্দৰ্ভত কয় যে- আলোচনা কালত ফলাফল ঘোষণাৰ দাবী উত্থাপন হোৱা ১১ টা ষান্মাসিকৰে ৩ টা ষান্মাসিকৰ ফলাফল ৭ ফেব্ৰুৱাৰীৰ ভিতৰত, ৪ টা ষান্মাসিকৰ ফলাফল ১০ ফেব্ৰুৱাৰীৰ ভিতৰত আৰু বাকী ষান্মাসিকসমূহৰ ফলাফল ২০ ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে (Gauhati University authorities accept Aasu demand for declaration of results) ।

লগতে সভাৰ সিদ্ধান্ত অনুসৰি উপ-পৰীক্ষা নিয়ন্ত্ৰক বা বিশেষ কৰ্তব্যৰত বিষয়া নিয়োগ সন্দৰ্ভতো পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগত আলোচনা কৰিব । ইয়াৰ পিছতেই আছুৰ দলটোৱে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ সৈতে আইনৰ পাঁচবছৰীয়া পাঠ্যক্ৰম আৰু তিনি বছৰীয়া পাঠ্যক্ৰমৰ বছৰেকীয়া মাচুল সমান কৰা সন্দৰ্ভত আলোচনা কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ finance committee ত বিষয়টো সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি পঞ্জীয়কগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে । কৰ্তৃপক্ষ‌ই আন্দোলনৰ দাবীসমূহ সময় নিৰ্ধাৰিত সূচীৰে সৈতে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে স্থগিত কৰা হৈছে এঘাৰ ঘন্টীয়া অনশনৰ কাৰ্যসূচী ।

আলোচনাত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি বৰষা ডেকা, সাধাৰণ সম্পাদক তন্ময় কাজি, আইন মহাবিদ্যালয় আছু গোটৰ উপদেষ্টা বিমান হালৈ, ৰূপম মহন্ত আৰু নয়নজ্যোতি শৰণীয়া উপস্থিত থাকে । সময় নিৰ্ধাৰত সূচী অনুযায়ী দাবীসমূহ পূৰণ নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলনৰ কথাও ঘোষণা কৰে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে ।

লগতে পঢ়ক: Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.