ETV Bharat / sitara

Dhoni Acted in a Web Series: অভিনয়ত নামিল মহেন্দ্ৰ সিং ধোনী

author img

By

Published : Feb 3, 2022, 12:23 PM IST

Updated : Feb 3, 2022, 12:48 PM IST

Dhoni Acted in a Web Series
অভিনয়ত নামিল মহেন্দ্ৰ সিং ধোনি

ক্ৰিকেটৰ ফিল্ডখনত নিজৰ যাদুৰে সমগ্ৰ বিশ্ববাসীৰে অন্তৰত নিজৰ স্থিতি নিগাজী কৰি লোৱা ক্ৰিকেট মহাৰথী ধোনীয়ে কৰিছে অভিনয় ৷ ‘অথৰ্ৱ’ চৰিত্ৰটোৰে নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটালে ভাৰতীয় ক্ৰিকেট টীমৰ এইজন প্ৰাক্তন খেলুৱৈয়ে (Dhoni in web series) ৷

চিটাৰা ডেস্ক, 3 ফ্ৰেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল কেপ্তেইন হিচাপে পৰিগণিত হোৱা মহেন্দ্ৰ সিং ধোনী 2007 ৰ পৰা 2017 লৈ কেপ্তেইন হিচাপে দায়িত্বত আছিল ৷ 2004 চনৰ 23 ডিচেম্বৰত ধোনিয়ে ওৱান ডে ইন্টাৰনেশ্যনেলৰে প্ৰথমবাৰলৈ ক্ৰিকেটৰ জগতখনত ভৰি থৈছিল ৷ সূদূৰ এটা সফল দীঘলীয়া যাত্ৰাৰ মূৰত ধোনিয়ে 2020 চনৰ 15 আগষ্টত ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷

বুধবাৰে প্ৰাক্তন ক্ৰিকেটাৰজনে নিজৰ ফেচবুক একাউণ্টত তেওঁ অভিনয় কৰা এখন পৌৰাণিক চাইন্স-ফিক্চন ৱেব-চিৰিজৰ পোষ্টাৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ৷ ‘অথৰ্ৱ’ নামৰ এই চিৰিজটোত ধোনীয়ে অথৰ্ৱ চৰিত্ৰটো ৰপায়ন কৰিছে (Dhoni in web series) ৷

"Happy to announce my new Avatar.....Atharva....," পোষ্টটোত এইদৰে কেপচন দিলে ধোনিয়ে ৷ নৱাগত লেখক ৰমেশ থামিলমণিৰ অপ্ৰকাশিত কিতাপ ‘অথৰ্ব: দ্য অৰিজিন’ ৰ আধাৰত নিৰ্মিত হৈছ ধোনী অভিনীত চিৰিজ খন ৷ 2019 ত ধোনী আৰু পত্নী সাক্ষীয়ে গঠন কৰা মেডিয়া কোম্পানী ধোনী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হৈছে ‘অথৰ্ব: দ্য অৰিজিন’ ৷

লগতে পঢ়ক : Radhe Shyam Release Date: ঘোষণা হ’ল ৰাধে শ্যামৰ মুক্তিৰ তাৰিখ

Last Updated :Feb 3, 2022, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.