নুনমাটি আৰক্ষীৰ জালত দালালৰূপী অধ্যাপক; 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Land Broker Apprehended

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:51 AM IST

thumbnail
নুনমাটি আৰক্ষীৰ জালত দালালৰূপী শিক্ষক (ETV Bharat Assam)

গুৱাহাটী, 17 মে' : নুনমাটি আৰক্ষীৰ জালত পৰিল দালালৰূপী শিক্ষক ! পবিত্ৰ শিক্ষকতাৰ বৃত্তিক কলংকৃত কৰি দালালি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে ৷ শিক্ষকতাৰ আঁৰ লৈ দীৰ্ঘদিন ধৰি মাটিৰ দালালি কৰাৰ অভিযোগত যোগেশ্বৰ নাথ ওৰফে মনি মাষ্টৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে ।

অভিযোগ অনুসৰি চিপিআই নামৰ বাওঁ ৰাজনৈতিক দলটোৰ নাৰেংগীৰ কাৰ্যালয়ৰ ভূমি বেদখল কৰি জালিয়াতিৰে নথি-পত্ৰ বনাই সেই ভূমি আন এজন লোকৰ ওচৰত বিক্ৰী কৰিছিল অভিযুক্ত মনি মাষ্টৰে । পাচত এই কথা জানিব পাৰি চিপিআইৰ তৰফৰ পৰা নুনমাটি থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে নাৰেংগী হাউছিং কলনীৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত যোগেশ্বৰ নাথক । 

বৃহস্পতিবাৰে নুনমাটি আৰক্ষীয়ে কামৰূপৰ চি জি এম আদালতত অভিযুক্তক হাজিৰ কৰোৱাৰ পাচতে আদালতৰ নিৰ্দেশ মৰ্মে অভিযুক্ত যোগেশ্বৰ নাথক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । 

লগতে পঢ়ক: সাংবাদিকৰ সৈতে অভব্য আচৰণৰ অভিযোগ অভিযুক্ত মাটিৰ দালালৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.