ETV Bharat / technology

অপেক্ষা মাথোঁ ১৯ মে’লৈ; মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় পৰ্যটক হ’ব গোপিচন্দ থোটাকুৰা - INDIAN PILOT TOUR SPACE

author img

By ETV Bharat Tech Team

Published : May 17, 2024, 7:34 AM IST

Updated : May 17, 2024, 9:07 AM IST

Gopichand Thotakura To Tour Space : ব্লু অৰিজিনেৰে মহাকাশলৈ প্ৰথমজন ভাৰতীয় পৰ্যটক হিচাবে যাত্ৰা কৰিবলৈ সাজু হৈছে গোপীচন্দ থোটাকুৰা ৷ পিছে কোন এই গোপীচন্দ থোটাকুৰা ? জানেনে বাৰু তেওঁৰ সপোন কেনেকৈ বাস্তৱায়িত হ’ব ?

Indian pilot Captain Gopichand Thotakura to tour space on Blue Origin next flight on May 19
প্ৰথমজন ভাৰতীয় পৰ্যটক হ’ব গোপিচন্দ থোটাকুৰা (ETV BHARAT)

নেশ্যনেল ডেস্ক, ১৭ মে’ : ১৯ মে’ত ব্লু অৰিজিন (Blue Origin)ৰ পৰৱৰ্তী বিমানত মহাকাশলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে ভাৰতীয় পাইলট গোপীচন্দ থোটাকুৰা (Gopichand Thotakura) । এই উৰণ পাচত ব্লু অৰিজিনেৰে যাত্ৰা কৰা তেওঁ প্ৰথম ভাৰতীয় পৰ্যটক হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছে কোম্পানীটোৱে ।

১৯৮৪ চনত ৰাকেশ শৰ্মাৰ ৰাছিয়াৰ সয়ুজ টি-১১ বিমানত যাত্ৰা কৰাৰ পাচত মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হ’ব গোপীচন্দ থোটাকুৰা । ৰাকেশ শৰ্মাৰ পাচত মহাকাশলৈ গৈছে কেৱল ভাৰতীয় মূলৰ লোকহে । কল্পনা চাওলা (১৯৯৭), সুনীতা উইলিয়ামছ (২০০৬) আৰু ৰাজা চাৰি (২০২১)ৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই সন্দৰ্ভত কেপ্তেইন গোপীচন্দে কয়, ‘‘ব্লু অৰিজিনৰ এন এছ-২৫ অভিযানৰ সৈতে এই ঐতিহাসিক যাত্ৰাৰ সৈতে জড়িত হৈ মহাকাশ ভ্ৰমণত ভাৰতক প্ৰতিনিধিত্ব কৰাটো গৌৰৱ আৰু সন্মানৰ বিষয় । সমগ্ৰ বিশ্বতে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতে নিজৰ স্থান দখল কৰিছে । এই যাত্ৰা বিশ্ব পৰ্যায়ত মানৱ প্ৰচেষ্টা আৰু কৌশলৰ মনোভাৱৰ প্ৰতীক । আশাকৰো এই অন্বেষণে STEAM পেছাদাৰী প্ৰজন্মক অনুপ্ৰাণিত কৰিব । আমি একেলগে মহাকাশ অন্বেষণৰ সীমালৈ আগবাঢ়িছো ।’’

কেৱল কেপ্তেইন গোপীচান্দই নহয়, তেওঁৰ সৈতে ব্লু অৰিজিনৰ এন এছ-২৫ অভিযানত ক্ৰু সদস্য মেছন এংগেল, চিলভেন চিৰৌন, কেনেথ এল স্মিথো থাকিব । হেইছ কেৰল শ্বালাৰৰ সৈতে বায়ুসেনাৰ প্ৰাক্তন কেপ্তেইন এড ড্ৱাইটো থাকিব ।

কোম্পানীটোৱে জনোৱা মতে, পশ্চিম টেক্সাছৰ লঞ্চ চাইট ৱানৰ পৰা এই অভিযান আৰম্ভ কৰা হ’ব । বিমানখনৰ বাবে লঞ্চ উইণ্ড’ আৰম্ভ হ’ব ০৮৩০ চিটি (৭ বজাত আই এছ টি)ৰ পৰা । জেফ বেজোছৰ মালিকানাধীন কোম্পানীটোৱে এতিয়ালৈকে ৬ খন মানৱ বিমান চলাইছে । ই ৩১ জন লোকক পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ সীমা কৰ্মন লাইনলৈ প্ৰেৰণো কৰিছে, যি মাটিৰ পৰা বহু কিলোমিটাৰ উচ্চতাত আছে ৷

লগতে পঢ়ক :

পৃথিৱীৰ চুবুৰীয়া গ্ৰহ শুক্ৰত কিয় পানী নাই ? - Why Venus dry

মাধ্যাকৰ্ষণেৰে ভৰা কৃষ্ণগহ্বৰ; ৰহস্যৰ মাজত আজিও ওপঙি আছে মহাকাশত - BLACK HOLE PHOTOS

ISRO ৰ আন এক কৃতিত্ব; সফলতাৰে সম্পন্ন PS4 ইঞ্জিনৰ কাম - PS4 engine

Last Updated :May 17, 2024, 9:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.