ETV Bharat / technology

অপেক্ষা মাথোঁ ১৯ মে’লৈ; মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় পৰ্যটক হ’ব গোপিচন্দ থোটাকুৰা - INDIAN PILOT TOUR SPACE

Gopichand Thotakura To Tour Space : ব্লু অৰিজিনেৰে মহাকাশলৈ প্ৰথমজন ভাৰতীয় পৰ্যটক হিচাবে যাত্ৰা কৰিবলৈ সাজু হৈছে গোপীচন্দ থোটাকুৰা ৷ পিছে কোন এই গোপীচন্দ থোটাকুৰা ? জানেনে বাৰু তেওঁৰ সপোন কেনেকৈ বাস্তৱায়িত হ’ব ?

Indian pilot Captain Gopichand Thotakura to tour space on Blue Origin next flight on May 19
প্ৰথমজন ভাৰতীয় পৰ্যটক হ’ব গোপিচন্দ থোটাকুৰা (ETV BHARAT)
author img

By ETV Bharat Tech Team

Published : May 17, 2024 at 7:34 AM IST

|

Updated : May 17, 2024 at 9:07 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ১৭ মে’ : ১৯ মে’ত ব্লু অৰিজিন (Blue Origin)ৰ পৰৱৰ্তী বিমানত মহাকাশলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে ভাৰতীয় পাইলট গোপীচন্দ থোটাকুৰা (Gopichand Thotakura) । এই উৰণ পাচত ব্লু অৰিজিনেৰে যাত্ৰা কৰা তেওঁ প্ৰথম ভাৰতীয় পৰ্যটক হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছে কোম্পানীটোৱে ।

১৯৮৪ চনত ৰাকেশ শৰ্মাৰ ৰাছিয়াৰ সয়ুজ টি-১১ বিমানত যাত্ৰা কৰাৰ পাচত মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হ’ব গোপীচন্দ থোটাকুৰা । ৰাকেশ শৰ্মাৰ পাচত মহাকাশলৈ গৈছে কেৱল ভাৰতীয় মূলৰ লোকহে । কল্পনা চাওলা (১৯৯৭), সুনীতা উইলিয়ামছ (২০০৬) আৰু ৰাজা চাৰি (২০২১)ৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই সন্দৰ্ভত কেপ্তেইন গোপীচন্দে কয়, ‘‘ব্লু অৰিজিনৰ এন এছ-২৫ অভিযানৰ সৈতে এই ঐতিহাসিক যাত্ৰাৰ সৈতে জড়িত হৈ মহাকাশ ভ্ৰমণত ভাৰতক প্ৰতিনিধিত্ব কৰাটো গৌৰৱ আৰু সন্মানৰ বিষয় । সমগ্ৰ বিশ্বতে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতে নিজৰ স্থান দখল কৰিছে । এই যাত্ৰা বিশ্ব পৰ্যায়ত মানৱ প্ৰচেষ্টা আৰু কৌশলৰ মনোভাৱৰ প্ৰতীক । আশাকৰো এই অন্বেষণে STEAM পেছাদাৰী প্ৰজন্মক অনুপ্ৰাণিত কৰিব । আমি একেলগে মহাকাশ অন্বেষণৰ সীমালৈ আগবাঢ়িছো ।’’

কেৱল কেপ্তেইন গোপীচান্দই নহয়, তেওঁৰ সৈতে ব্লু অৰিজিনৰ এন এছ-২৫ অভিযানত ক্ৰু সদস্য মেছন এংগেল, চিলভেন চিৰৌন, কেনেথ এল স্মিথো থাকিব । হেইছ কেৰল শ্বালাৰৰ সৈতে বায়ুসেনাৰ প্ৰাক্তন কেপ্তেইন এড ড্ৱাইটো থাকিব ।

কোম্পানীটোৱে জনোৱা মতে, পশ্চিম টেক্সাছৰ লঞ্চ চাইট ৱানৰ পৰা এই অভিযান আৰম্ভ কৰা হ’ব । বিমানখনৰ বাবে লঞ্চ উইণ্ড’ আৰম্ভ হ’ব ০৮৩০ চিটি (৭ বজাত আই এছ টি)ৰ পৰা । জেফ বেজোছৰ মালিকানাধীন কোম্পানীটোৱে এতিয়ালৈকে ৬ খন মানৱ বিমান চলাইছে । ই ৩১ জন লোকক পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ সীমা কৰ্মন লাইনলৈ প্ৰেৰণো কৰিছে, যি মাটিৰ পৰা বহু কিলোমিটাৰ উচ্চতাত আছে ৷

Last Updated : May 17, 2024 at 9:07 AM IST