ETV Bharat / bharat

সৰ্বকালৰ সকলো অভিলেখ ভংগ : সুৰা বিক্ৰীৰে সংগ্ৰহ অভাৱনীয় ৰাজহ - RECORD REVENUE FROM LIQUOR SALES

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:11 AM IST

West Bengal Records : সুৰা বিক্ৰীৰে সৰ্বকালৰ সকলো অভিলেখ ভংগ ৰাজ্যখনৰ ৷ চলিত বৰ্ষত ৰাজ্যখনে সুৰা বিক্ৰীৰ পৰা লাভ কৰে সৰ্বাধিক ৰাজহ ৷ এই কথাটোৱে চৰ্চা লাভ কৰিছে সচেতন মহলৰ মাজত ৷ সবিশেষ এই প্ৰতিবেদনত ৷

WEST BENGAL LIQUOR SALE
পশ্চিমবংগত সুৰা বিক্ৰীৰ অভিলেখ (Source : Representational Picture (ETV Bharat/ File))

নেশ্যনেল ডেস্ক, 17 মে’ : ভাৰতৰ এনে এখন ৰাজ্য, যিয়ে চলিত বৰ্ষত সুৰা বিক্ৰীৰে সংগ্ৰহ কৰা ৰাজহেৰে টনকিয়াল কৰিছে ৰাজকোষ ৷ সম্প্ৰতি বিষয়টোৰ ওপৰত চকু পৰিছে সচেতন মহলৰ ৷ কিয়নো প্ৰায়ে সুৰা বিক্ৰীৰে সংগ্ৰহ কৰা ৰাজহক লৈ সৰৱ চৰ্চা হোৱা দেখা যায় ৷ তেনেক্ষেত্ৰত ৰাজ্যখনে সুৰা বিক্ৰীৰে চলিত বৰ্ষত ভংগ কৰে সৰ্বকালৰ সকলো অভিলেখ ৷

আমি ক’বলৈ বিচাৰিছো অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কথা ৷ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এইটো বৰ্ষত সুৰা বিক্ৰীৰে সংগ্ৰহ কৰা ধনেৰে ভৰি পৰিছে ৰাজভঁৰাল ৷ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাও দেখিবলৈ পোৱা গৈছে ৷

2022-23 বিত্তীয় বৰ্ষৰ তুলনাত পশ্চিমবংগ চৰকাৰে 2023-24 বৰ্ষত সুৰা বিক্ৰীৰে উপাৰ্জন কৰে 1000 কোটি টকাতকৈও অধিক ধন ৷ যাৰ ফলত সংগ্ৰহ হৈছে প্ৰায় 15,000 কোটি টকাৰ কৰ ৷

বৰ্তমানে এইটো বিত্তীয় বৰ্ষত এই খণ্ডৰ উপাৰ্জন 23 হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে ৷ যাৰ পৰা 17 হাজাৰ কোটি টকাৰ কৰ সংগ্ৰহ কৰা হৈছে । ৰাজ্যখনৰ পূৱ মেদিনীপুৰ, পশ্চিম বৰ্ধমান, নাদিয়া, উত্তৰ ২৪ পৰগণা, বাৰেকপুৰ আৰু আলিপুৰে সৰ্বাধিক 10 কোটি টকাৰ অধিক সুৰা বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, 2021-22 বিত্তীয় বৰ্ষত ৰাজ্যখনত সুৰা বিক্ৰীৰ পৰিমাপ আছিল 18,000 কোটি টকা । য’ৰ পৰা সংগ্ৰহ কৰা হৈছিল 11,000 কোটি টকাৰ কৰ ৷ 2022 চনত চৰকাৰখনে বিক্ৰী কৰা সুৰাৰ পৰিমাপ বৃদ্ধি পায় 21 হাজাৰ কোটি টকালৈ ৷

জলপাইগুৰিৰ সহকাৰী আবকাৰী বিষয়া সুজিত দাসে এই প্ৰসংগত কয় যে, পূৰ্বৰ তুলনাত উত্তৰ বংগতো বিক্ৰী বৃদ্ধি পাইছে সুৰাৰ ৷ তদুপৰি বিষয়াগৰাকীয়ে কয় যে, সমান্তৰালভাৱে তেওঁলোকে অবৈধ সুৰা প্ৰস্তুতকাৰী কাৰখানাসমূহত চলোৱা অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে ৷

125 কোটি টকাৰ সুৰা বিক্ৰী

আবকাৰী বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, 2023-24 বিত্তীয় বৰ্ষৰ বাবে 23 হাজাৰ কোটি টকাৰ সুৰা বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । পিছে লক্ষ্যতকৈ 125 কোটি অধিক মূল্যৰ সুৰা বিক্ৰী হয় ৰাজ্যখনত ।

উত্তৰ বংগৰ জলপাইগুৰিৰ অন্তৰ্গত বেহাৰ, আলিপুৰদুৱাৰ, কালিংম্পুং, দাৰ্জিলিং আৰু জলপাইগুৰি জিলাত অভিলেখসংখ্যক 2,655.72 কোটি টকাৰ সুৰা বিক্ৰী কৰা হয় ৷

ইফালে, যোৱা বছৰত পূৱ মেদিনীপুৰ জিলাত 1,599 কোটি, পশ্চিম বৰ্ধমানত 1,259 কোটি, উত্তৰ ২৪ পৰগণাত 1,171 কোটি, নাদিয়াত 1,180 কোটি, বাৰেকপুৰত 1,160 কোটি আৰু আলিপুৰত 1,155 কোটি টকাৰ সুৰা বিক্ৰী কৰা হৈছিল ।

তদুপৰি এই মূল্যৰ পৰিমাণ হৈছে পূৱ বৰ্ধমানত 906 কোটি, পশ্চিম মেদিনীপুৰত 974 কোটি, কলকাতাত 942 কোটি, জলপাইগুৰিত 916 কোটি আৰু হাওৰা (ঔদ্যোগিক খণ্ড) ত 935 কোটি টকা ৷

ৰাজ্যখনৰ আন আন জিলাবোৰত এই মূল্যৰ পৰিমাণ হৈছে ক্ৰমে আলিপুৰদুৱাৰত 321 কোটি, বাংকুৰাত 497 কোটি, বাৰুইপুৰত 32 কোটি, বাহাৰমপুৰত 413 কোটি, বীৰভূমত 744 কোটি, চন্দন নগৰত 539 কোটি, বেহাৰত 649 কোটি, দক্ষিণত 183 কোটি, দিনাজপুৰত 725 কোটি টকা ৷

বিপৰীতে জংগীপুৰত 449 কোটি, ঝাৰগ্ৰামত 171 কোটি, দক্ষিণ কলকাতাত 865 কোটি, মালদাত 635 কোটি, পুৰুলিয়াত 494 কোটি, সিংগুৰত 381 কোটি, সুন্দৰবনত 376 কোটি, উত্তৰ দিনাজপুৰ জিলাত 450 কোটি আৰু কালিংম্পুং জিলাত সৰ্বনিম্ন 450 কোটি টকা মূল্যৰ সুৰা বিক্ৰী হয় ৷

লগতে পঢ়ক: আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ - Liquor Sale In Assam

সুৰা বিক্ৰী কৰি অসমীয়া মানুহৰ ঘৰবোৰ পংগু কৰিব বিচাৰিছে ! প্ৰশ্ন ৰাইজৰ... - LIQUOR SALE IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.