ETV Bharat / bharat

Thanks to the President's address: ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ বিতৰ্কত প্ৰথম বক্তা হ'ব ৰাহুল গান্ধী

author img

By

Published : Feb 2, 2022, 10:44 PM IST

বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথমে বক্তব্য ৰাখিব (Motion of thanks to the President's address) ৷ বিৰোধী দলৰ বাবে বান্ধি দিয়া সময়ৰ এক ঘন্টা দিয়া হৈছে কংগ্ৰেছ দলক ৷

Thanks to the President's address
লোকসভাত ৰাহুল গান্ধী প্ৰথম বক্তা হ'ব

নিউজ ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হ’বলগা বিতৰ্কৰ (Motion of thanks to the President's address)ৰ প্ৰথমগৰাকী বক্তা হ'ব ৷ সূত্ৰ অনুসৰি, লোকসভাত ধন্যবাদ প্ৰস্তাৱৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বক্তব্য প্ৰকাশ কৰিবলৈ বিৰোধী দলসমূহক ১২ ঘণ্টা সময় দিয়া হৈছে । মুঠ ১২ ঘণ্টাৰ ভিতৰত কংগ্ৰেছক এক ঘণ্টা সময় ধাৰ্য কৰি দিয়া হৈছে ৷

সৰ্ববৃহৎ বিৰোধী দল হোৱাৰ বাবে কংগ্ৰেছৰ হৈ ৰাহুল গান্ধীয়ে বিৰোধী দলসমূহৰ ফালৰ পৰা প্ৰথমে কোৱাৰ সুযোগ পাব ৷ বিৰোধী নেতাগৰাকীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বাজেটৰ ওপৰত বক্তব্য ৰখাৰ লগতে স্পাইৱেৰ ছফ্টৱেৰ পেগাচাছৰ বিষয়টোও উত্থাপন কৰিব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

আনহাতে কংগ্ৰেছ দলে যুৱ কংগ্ৰেছ কৰ্মীসকলক সংসদৰ বাহিৰত প্ৰতিবাদ কৰাৰ লগতে পেগাচাছৰ বিষয়টো উত্থাপন কৰিবলৈ কৈছে । ইয়াৰ পূৰ্বে, সাংবাদিকে ৰাহুল গান্ধীক বাজেট আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত মন্তব্য বিচৰাত প্ৰথমে তেওঁ সংসদত মন্তব্য প্ৰকাশ কৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, মঙলবাৰে সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট উপস্থাপন কৰাৰ পিছতে ৰাহুল গান্ধীয়ে টুইটাৰযোগে কেন্দ্ৰীয় বাজেটক ‘‘শূন্য ৰাশিৰ বাজেট‘‘ বুলি অভিহিত কৰে ৷ বেতনভোগী শ্ৰেণী, মধ্যবিত্ত, দৰিদ্ৰ, যুৱ, কৃষক আৰু এমএছএমইৰ বাবে এই বাজেট নহয় বুলি মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে ৷

আনহাতে প্ৰধানমন্ত্ৰী মোডীৰ ধন্যবাদ প্ৰস্তাৱ অহা ৭ ফেব্ৰুৱাৰীত লোকসভা আৰু ৮ ফেব্ৰুৱাৰীত ৰাজ্যসভাত দিয়াৰ সম্ভাৱনা আছে । ইফালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বাজেট অধিৱেশনৰ প্ৰথম দিনটোত সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে ৷

লগতে পঢ়ক: Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.