ETV Bharat / bharat

পুনৰ ৰাহুল গান্ধীৰ বিস্কুট আপ্য়ায়নৰ কথাৰে সৰৱ মুখ্যমন্ত্ৰী হিমন্ত

author img

By

Published : Feb 3, 2022, 10:24 AM IST

Updated : Feb 3, 2022, 11:01 AM IST

বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ সবাটোকৈ শক্তিশালী ব্যক্তি হিচাপে পৰিগণিত হোৱা তথা দেশৰ ৰাজনীতিৰো অন্য এক উদিত সূৰ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এখন বহু চৰ্চিত বৈঠক (Famous meeting of Raga and Himanta ) ৷ পুনৰ চৰ্চাত আহিছে এই পুৰণি বৈঠক ৷ পঢ়ো আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ৷

himanta-slams-raga-over-pet-dog-incident
পুনৰ ৰাহুল গান্ধীৰ বিস্কুট আপ্য়ায়নৰ কথাৰে সৰৱ মুখ্যমন্ত্ৰী হিমন্ত

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী : পুনৰ চৰ্চাত এটা পুৰণি অধ্যায় ! বহু চৰ্চিত এই অধ্যায়টোৱে ইতিমধ্যে, দেশৰ ৰাজনৈতিক জগতখনত লাভ কৰিছে বিশেষ তাৎপৰ্য ৷ এই অধ্যায়ৰ সৈতে জড়িত আছে বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ সবাটোকৈ শক্তিশালী ব্যক্তি হিচাপে পৰিগণিত হোৱা তথা দেশৰ ৰাজনীতিৰো অন্য এক উদিত সূৰ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৷ যি সময়ৰ কথা কোৱা হৈছে সেই সময়ত ৰাজ্যত চলি থকা কংগ্ৰেছ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী তথা এগৰাকী জনপ্ৰিয় নেতা আছিল আজিৰ মুখ্যমন্ত্ৰী গৰাকী ৷

অসমৰ ৰাজনীতিত তেতিয়া বিসম্বাদৰ দাবানল জ্বলি উঠিছিল, চৰকাৰৰ ভিতৰচোৱাত দুভাগ হৈছিল নেতা মন্ত্ৰী ৷ এনে সময়তে হিমন্ত বিশ্ব শৰ্মা, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তথা আন আন কেবাজনো প্ৰভাৱশালী নেতাৰ সৈতে সাক্ষাৎ হৈছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ৷ কিন্তু, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মৰ্মে এই সময়চোৱাত ৰাহুল গান্ধী ব্যস্ত আছিল নিজৰ প্ৰভুভক্ত কুকুৰটোক বিস্কুট খুৱাই ধেমালি কৰাত হে (Rahul Gandhi and his pet dog Pidi) ৷ আনকি, কুকুৰটোৱে খাই এৰি থৈ যোৱা এৰেহা বিস্কুট অসমৰ নেতা সকলক খাবলৈ দিয়া হৈছিল বুলিও দাবী কৰি আহিছে হিমন্তই (Famous meeting of Raga and Himanta along with Pidi) ৷

ইয়াৰ পিছত সময় সলনি হৈছিল, কংগ্ৰেছ এৰি বিজেপিলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিলৈ গৈয়েই এই অধ্যায় মুকলি কৰিছিল হিমন্তই , দেশজুৰি ইয়াকলৈ চৰ্চা হ’ল ৷ বাৰে বাৰে সমালোচনাৰ সমুখীন হ’ল ৰাহুল ৷ ইয়াৰ পিছতো ভিন্ন সময়ত এই অধ্যায় পুনৰ মুকলি কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই ৷

বুধবাৰৰ দিনটোত ৰাহুল গান্ধীয়ে লোকসভাত ৰখা বক্তব্যত (Rahul Gandhi addressing Lok Sabha) উল্লেখ কৰিছিল যে, বৰ্তমান একেলগে দুখন ভাৰত আছে ৷ এখন ভাৰত অত্যন্ত ধনী লোকৰ বাবে আৰু আনখন দৰিদ্ৰসকলৰ বাবে । এই দুয়োখন ভাৰতৰ মাজৰ ব্যৱধান এতিয়া বাঢ়ি গৈ আছে । স্বাভাবিকভাৱেই ৰাহুলৰ বক্তব্যক লৈ সমগ্ৰ দেশত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে সৰৱ চৰ্চা হৈছে ৷ কিন্তু, এই সময়তে সুযোগৰ ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই পুনৰ উত্থাপন কৰিলে বহু বিতৰ্কিত সেই অধ্যায় ৷

টুইটাৰত ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ পুনৰ লিখিলে (Himanta Slams Raga over pet dog incident) , '' শ্ৰীযুত ৰাহুল গান্ধী, যিসকলে অসমৰ নেতাসকলৰ উপস্থিতিত কুকুৰক বিস্কুট খুওৱাত ব্যস্ত হোৱাটো পছন্দ কৰে আৰু তাৰ পিছত তেওঁলোককো একেই বিস্কুট খাবৰ বাবে আগবঢ়ায়, তেনেলোকে ৰাজনৈতিক শালীনতাৰ বিষয়ে কথা পতা শেষৰ মানুহ হোৱা উচিত ৷ হাইকমাণ্ড মানসিকতা কংগ্ৰেছৰ বুলি ভাৰতৰ মানুহে ভালদৰে জানে ।'' এতিয়া হিমন্তৰ এই আক্ৰমণৰ উত্তৰ ৰাহুলে কিদৰে দিয়ে অথবা এই সন্দৰ্ভত ৰাহুলে নিজৰ মত প্ৰকাশ কৰে নে নকৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Exclusive - ধনী সকলৰ বাবেহে এই বাজেট, মধ্যবিত্ত আৰু দৰিদ্ৰৰ বাবে নহয়: প্ৰিয়ংকা গান্ধী

Last Updated : Feb 3, 2022, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.