ETV Bharat / state

Covid 19 Update in Assam : ৰাজ্যত 24 ঘন্টাত ক’ভিডত মৃত্যু 18 গৰাকীৰ

author img

By

Published : Feb 3, 2022, 8:31 AM IST

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও অব্যাহত আছে সংহাৰ(covid Situation in Assam) ৷ বুধবাৰে ৰাজ্যত ক’ভিডৰ ফলত 18 জনলৈ লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ লগতে ৰাজ্যত ক’ভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 6,499 গৰাকী ৷

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী : ৰাজ্যত বুধবাৰে পুনৰ নতুনকৈ 1,028 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি ৷ আনহাতে মৃত্যু হয় 18 জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,18,920 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,499 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 15,178 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 3.08 ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

কামৰূপ মহানগৰীত সৰ্বাধিক 254 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 61 গৰাকী, কামৰূপ গ্ৰাম্যত 48 গৰাকী আৰু গোৱালপাৰাত 46 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কামৰূপ মহানগৰত 7 গৰাকী, দৰং, ডিব্ৰুগড়, গোলাঘাটত 2 গৰাকীকৈ আৰু বঙাইগাঁও, কাছাৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

বৰ্তমানলৈকে ৰাজ্যত 2,79,18,498 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,14,920 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 96.80% ৷ আনহাতে, বৰ্তমানলৈ 4,15,09,970 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : PM speech on Union Budget: বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্ছুৱেল ভাষণত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.