মৃত ম’হক লৈ বিপাঙত অভয়াৰণ্যৰ কৰ্তৃপক্ষ : ঘৰচীয়া নে বনৰীয়া আছিল ম’হটো ?

By

Published : Feb 3, 2022, 8:29 AM IST

thumbnail

এটা মৃত ম'হে এতিয়া বিবুদ্ধিত পেলাইছে বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ কৰ্তৃপক্ষক (Confusion over dead buffalo in Bura Chapari) । বিশেষ ম'হটো প্ৰকৃততে বনৰীয়া নে ঘৰচীয়া খুঁটিৰ ম'হ তাকলৈ সন্দিহান হৈছে কৰ্তৃপক্ষ । প্ৰকৃততে, বিশেষ ম'হটো বনৰীয়া বুলি দাবী কৰিছিল স্থানীয় একাংশ লোকে । যিটো ম'হ কেইবাটাও দুৰ্বৃত্তই লগ লাগি কিছুদিন পূৰ্বে নিধন কৰাৰ অভিযোগ উত্থাপিত হৈছিল (Miscreants Killed buffalo in Bura Chapari) । ঠিক তাৰ পিছতেই বিষয়টো সন্দৰ্ভত অভয়াৰণ্য কতৃপক্ষই গুৰুত্ব প্ৰদান কৰি লাওঁখোৱা শান্তিবজাৰৰ কেইবাজনো লোকৰ ঘৰৰ পৰা মৃত ম'হটোৰ কিছু অংশ উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ফৰেঞ্চিক গৱেষণাগাৰলৈ । কিন্তু শেহতীয়াকৈ পুনৰ অভয়াৰণ্য কতৃপক্ষই বিশেষ সূত্ৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ বালিচৰত পুতি থোৱা অৱস্থাত এটি ম'হৰ কিছু পৰিত্যক্ত অংশ উদ্ধাৰ কৰাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ পুনৰ ৰহস্যৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.