ETV Bharat / state

ধোঁৱা চাঙত স্বচ্ছ ভাৰত অভিযান; জোনাইত ছুপাৰ মাৰ্কেটৰ কাষেৰে গ’লে আপুনিও নাকত ল’ব লাগিব ৰুমাল - Jonai Super Market

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:55 PM IST

Swachh Bharat Mission: ক্ৰমাৎ জাৱৰ পেলোৱা এক কদৰ্যময় স্থানলৈ পৰিৱৰ্তিত হৈছে জোনাইৰ এখন ছুপাৰমাৰ্কেট ৷ গেলা-দুৰ্গন্ধময় আৱৰ্জনাবোৰ আঁতৰাই এক স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান ব্যৱসায়ী তথা সাধাৰণ ৰাইজৰ ৷

Jonai supermarket
জোনাইত ছুপাৰ মাৰ্কেটৰ কদৰ্যময় ৰূপ (ETV BHARAT ASSAM)

জোনাইত ছুপাৰ মাৰ্কেটৰ কদৰ্যময় ৰূপ (ETV BHARAT ASSAM)

জোনাই, ১৬ মে’: সমগ্ৰ দেশজুৰি স্বচ্ছ ভাৰত অভিযানক লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ কিন্তু প্ৰকৃততে স্বচ্ছ ভাৰত অভিযান সফল হৈছেনে ? ধেমাজি জিলাৰ জোনাইত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে ৷ জোনাই সদৰৰ মাজমজিয়াৰ দৈনিক বজাৰৰ ছুপাৰ মাৰ্কেটৰ কদৰ্যময় দৃশ্যই আপোনাৰ চকু কপালত তুলিব ৷

জোনাই মহকুমা প্ৰশাসনৰ চৰম হেমাহিত জোনাই সদৰৰ মাজমজিয়াৰ দৈনিক বজাৰৰ ছুপাৰ মাৰ্কেটত এনেদৰে জাৱৰ-জোথৰেৰে কদৰ্যময় পৰিৱেশ সৃষ্টি হোৱাত জোনাই বজাৰত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিশেষকৈ মাছ-মাংস বিক্ৰী কৰা ঠাইসমূহৰ আশে-পাশে দমে দমে জাৱৰ-জোথৰ, গেলা-আৱৰ্জনা পেলাই ৰখাত ইয়াৰ পৰা সৃষ্টি হোৱা দুৰ্গন্ধই ছুপাৰ মাৰ্কেটখনত মানুহ থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছে ৷

ইফালে এনে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে মাছ-মাংস কাটি ব্যৱসায়ীসকলে ব্যৱসায় অব্যাহত ৰখাত এতিয়া গ্ৰাহক ৰাইজৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি ৷ বজাৰখনৰ মহলদাৰে প্ৰতিগৰাকী ব্যৱসায়ীৰ পৰা দৈনিক কৰ আদায় কৰে যদিও বজাৰখনৰ চাফ-চিকুণতাৰ প্ৰতি কোনোদিনে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ লগতে আজি পৰ্যন্ত এটা ডাষ্টবিনৰ ব্যৱস্থা নকৰাৰো অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীসকলে ৷

উল্লেখ্য যে, জোনাই মহকুমাৰ মহকুমাধিপতিগৰাকীয়ো জোনাই সদৰৰ মাজমজিয়াত থকা জোনাই দৈনিক বজাৰৰ ছুপাৰ মাৰ্কেটত এনেদৰে জাৱৰ-জোথৰ, গেলা-পচা, আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা দুৰ্গন্ধৰ ফলত পৰিৱেশ দূষিত হোৱা দেখিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ সেয়েহে জোনাই মহকুমা প্ৰশাসনক জোনাই সদৰৰ ছুপাৰ মাৰ্কেটত এই কদৰ্যময় পৰিৱেশ চাফা কৰি এক স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিবলৈ আবেদন জনাইছে ব্যৱসায়ী তথা সাধাৰণ ৰাইজে ৷

ব্যৱসায়ীসকলে জনোৱা অনুসৰি, তেওঁলোকে মাজে সময়ে নিজৰ ফালৰ পৰা চাফা-চিকুণ কৰাই যদিও প্ৰশাসনে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ 15 আগষ্ট আৰু 16 জানুৱাৰীত কেতিয়াবা চেগা চোৰোকাকৈ প্ৰশাসনে চাফা কৰাইছিল যদিও এতিয়া ছুপাৰ মাৰ্কেটখনত কোনো চাফাইৰ কাম কৰা হোৱা নাই ৷

লগতে পঢ়ক: লামডিং-শিলচৰ ৰে’ল পথেৰে পুনৰ আৰম্ভ যাত্ৰীবাহী ৰে’লৰ চলাচল - TRAIN SERVICES RESUME

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.