ETV Bharat / state

লামডিং-শিলচৰ ৰে’ল পথেৰে পুনৰ আৰম্ভ যাত্ৰীবাহী ৰে’লৰ চলাচল - TRAIN SERVICES RESUME

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 3:30 PM IST

Lumding Silchar rail line: স্বাভাৱিক হৈ উঠিছে লামডিং আৰু শিলচৰৰ মাজৰ ৰে’লপথচোৱা ৷ বুধবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই বাতিল কৰি ৰখা সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল ৷

Lumding Silchar rail line
Train from Lumding to Silchar (ETV Bharat Assam)

হাফলং, 16 মে’ : অৱশেষত প্ৰায় 20 দিন পাচতে লামডিং শিলচৰ ৰে’লপথচোৱা সম্পূৰ্ণ ৰূপে স্বাভাৱিক হৈ উঠিছে । আনকি বুধবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই বাতিল কৰি ৰখা সকলো যাত্ৰীবাহী ৰে’লৰ চলাচলো ৷ এই বাতৰিয়ে এতিয়া আশাৰ বতৰা লৈ কঢ়িয়াই আনিছে পাহাৰীয়া জিলাখনৰ লোকসকললৈ ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, জাতিংগা লামপুৰ অংশৰ মাটি অত্যন্ত দুৰ্বল আৰু ভূমিস্খলন হোৱাৰ সম্ভাৱনা প্ৰবল । বিগত 26 এপ্ৰিলৰ দিনা লামডিং-শিলচৰ পাহাৰ লাইনৰ হাৰেংগাঝাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110/7 কিলোমিটাৰ এলেকাত ৰে’ল লাইনৰ তলৰ মাটি বহি যোৱাৰ বাবে এখন মালবাহী ৰে’লৰ চকা লাইনচ্যুত হয় । যাৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনটোত ৰে’ল চলাচল কৰাৰ বাব বিপৰ্যস্ত হৈ পৰে ৷

স্বাভাৱিক হৈ উঠিছে লামডিং শিলচৰ ৰে’লপথচোৱা
স্বাভাৱিক হৈ উঠিছে লামডিং শিলচৰ ৰে’লপথচোৱা (ETV Bharat Assam)

ইয়াৰ পাচৰ পাচতে মালবাহী ৰে’লগাড়ীৰ চলাচল বন্ধ কৰি ৰাখিছিল ৰে’ল কৰ্তৃপক্ষই ৷ অৱশ্যে উক্ত ৰে’লপথচোৱাৰে দূৰণিবটীয়া যাত্ৰীবাহী ৰে’লগাড়ীৰ অব্যাহত ৰাখিছিল ৰে’ল কৰ্তৃপক্ষই ৷ কিন্তু বাতিল কৰা হৈছিল শিলচৰ-গুৱাহাটী-শিলচৰ, শিলচৰ ৰঙিয়া শিলচৰ, গুৱাহাটী বদৰপুৰ গুৱাহাটী, গুৱাহাটী দুল্লভচৰা গুৱাহাটী, শিলচৰ নিউ তিনিচুকীয়া শিলচৰ, শিলচৰ নাহাৰলগুন শিলচৰ আৰু গুৱাহাটী আগৰতলা গুৱাহাটী যাত্ৰীবাহী ৰে’ল গাড়ীসমূহৰ চলাচল ।

বৰ্তমান পূৰ্বৰ স্থিতি ঘূৰি আহিছে ৷ যাৰ বাবে বুধবাৰৰ পৰা লামডিং-শিলচৰ পাহাৰ লাইনত উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰা সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল স্বাভাৱিক হৈ উঠে । ৰে’লৰ চলাচল বন্ধ হৈ থকাৰ বাবে ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ ৰে’ল যাত্ৰীয়ে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও বৰ্তমান তেওঁলোকে সকাহ লাভ কৰিছে ।

লগতে পঢ়ক : ক্ষীপ্ৰ গতিত চলিছে লামডিং-শিলচৰ পাহাৰ লাইনৰ কাম - lumding to silchar Train

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.